WATCH | Elephant menace in Jamugurihat : জামুগুৰিহাটত বন্যহস্তীৰ তাণ্ডৱ
জামুগুৰিহাট,২০মে’ : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant menace in Jamugurihat)। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়।
নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে।খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে।যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।
ৰাজ্যত চলি থকা ভয়ংকৰ হাতী-মানুহৰ সংঘাতত ইজনৰ পিচত সিজন নিৰীহ লোকে প্ৰাণ হেৰুৱালগীয়া হৈছে।
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালৈ জামুগুৰিহাটত অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ । জামুগুৰিহাটৰ পানপুৰঘাটত খেতি পথাৰত বনৰীয়া হাতীয়ে চলাই উপদ্ৰৱ। নিশাৰ ভাগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে আঞ্চলটোৰ পথাৰত প্ৰবেশ কৰি বড়ো ধানৰ খেতি নষ্ট কৰাত চিন্তিত হৈ পৰিছে খেতিয়কসকল।
অকল ধানেই নহয় বনৰীয়া হাতীৰ গচকত নষ্ট হৈছে জলকীয়া বেঙেনাকে ধৰি বহুতো খেতি। বনৰীয়া হাতীৰ উপদ্ৰৱত এতিয়া শংকিত ৰাইজ।বনৰীয়া হাতী প্ৰতিৰোধৰ ব্যৱস্থা কৰা নাই বন বিভাগে ৷
লগতে পঢ়ক : WATCH | Drugs peddler arrested along with drugs : চতিয়াত ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী