Local, Vocal, Global

Watch | Sarbananda Sonowal Joins Dibrugarh’s Tiranga Yatra: ডিব্ৰুগড়ত অপাৰেচন সিন্দূৰৰ সফলতাৰ বাবে ত্ৰিৰংগা যাত্ৰাত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

ডিব্ৰুগড়: আজি ডিব্ৰুগড়ৰ চৌকিডিঙ্গী খেলপথাৰৰ পৰা ASTC বাছ আস্থানৰ লৈকে উলিওৱা ত্ৰিৰংগা যাত্ৰাত সহস্ৰাধিক ৰাইজৰ সৈতে অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগতে বিধায়ক তৰংগ গগৈয়ে।

অপাৰেচন সিন্দূৰ সম্পূৰ্ণ সফলতা কৰাৰ ক্ষেত্ৰত ভাৰতীয় বীৰ সৈনিক সকলৰ কষ্ট আৰু ত‍্যাগৰ বাবে কৃতজ্ঞতা জনোৱাৰ বাবেই এই ত্ৰিৰংগা যাত্ৰাত অনুষ্ঠিত কৰে ভাৰতীয় জনতা পাৰ্টীয়ে।

এই ত্ৰিৰংগা যাত্ৰাত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয়,-” ভাৰত বৰ্ষৰ সেনা বাহিনীয়ে পাকিস্তানে সৃষ্টি কৰা সন্ত্ৰাসবাদৰ বিৰূদ্ধে যি বীৰত্বৰে যোঁজ দিলে ,তাৰ ফলত অপাৰেচন সিন্দুৰত ভাৰতীয় সেনা সফল হ’ল। সন্ত্ৰাসবাদক কোনো কাৰণতেই আপোচ কৰা নহব”।

পেহেলগামত যি নিৰিহ পৰ্যতক সকলক নিষ্ঠুৰ ভাৱে হত্যা কৰা সন্ত্ৰাসবাদী সকলক নিশেষ কৰিলে ভাৰতীয় সেনাই। ভাৰতৰ এই সফলতাৰ বাবে ভাৰতীয় সেনা বাহিনীক ধন্যবাদ জ্ঞাপন কৰে। ভাৰতীয় সেনাৰ শক্তিশালী প্ৰচেষ্টাক লৈ প্ৰতিজন ভাৰতীয়‌ই গৌৰৱান্বিত বুলি মন্তব্য দিয়ে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে।