WATCH | North Guwahati News : ৰাজ্যত বলিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ
উত্তৰ গুৱাহাটী,১৯এপ্ৰিল : ৰাজ্যত বলিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ ।
বিহুৰ সমান্তৰালকৈ তীব্ৰতৰ হৈছে নিৰ্বাচনী তৎপৰতা ।
গীতে মাতে আকৰ্ষণীয় হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ ।
আমিনগাঁৱত বিহু গীত গাই নিৰ্বাচনী প্ৰচাৰ প্ৰাৰ্থীৰ(North Guwahati News)।
সমৰ্থকক লগত লৈ ভোটাৰৰ চোতালে চোতালে পঞ্চায়ত প্ৰাৰ্থীৰ বিহু হুঁচৰি ।
বিহু গীতৰ তালে তালে ককাল ভাঙি নাচিলে আমিনগাঁও লাচিতগড় গাওঁ পঞ্চায়তৰ ২ নং ৱাৰ্ড প্ৰাৰ্থী মাইনু মেধীয়ে ।
কেৱল বিহু গীতেই নহয় আকৰ্ষণীয় প্ৰতিশ্ৰুতি প্ৰদান পঞ্চায়ত প্ৰাৰ্থীৰ ।
পূৰ্বৰ জালুকবাৰী সমষ্টিৰ এই ৱাৰ্ডটো বৰ্তমান হাজো – শুৱালকুছিত অন্তৰ্ভুক্ত কৰা হৈছে ।
এইবেলি দলীয় টিকটৰ বিপৰীতে ৱাৰ্ডটোৰ পৰা ৭ জনে নিজাববীয়াকৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছে ।
লগতে পঢ়ক : WATCH | North Guwahati News : STF ৰ আন এক বৃহৎ সফলতা