WATCH | Panchayat Election 2025 : ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে ৰঙিয়াত ককালত টঙালি বান্ধিছে বিজেপিয়ে
ৰঙিয়া,৩এপ্ৰিল : ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে ৰঙিয়াত ককালত টঙালি বান্ধিছে বিজেপিয়ে।
ৰঙিয়াৰ তুলসীবাৰীকে ধৰি ঠায়ে ঠায়ে অনুষ্ঠিত হয় দলীয় সভা । সভাত দলটোৰ প্ৰাক্তন ৰাজ্যিক সভাপতি তথা স্থানীয় বিধায়ক ভবেশ কলিতাই অধিক তৎপৰতা প্ৰদৰ্শন কৰে । অঞ্চলটোৰ ভিন্ন প্ৰান্তৰ পৰা সভাত সমবেত দলীয় কৰ্মী সকলক উদ্দেশ্যী ভাষণ ৰাখে বিধায়ক গৰাকীয়ে । ভাষণ প্ৰসংগত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে প্ৰণয়ন কৰা বিভিন্ন উন্নয়নমূলক আচনি সন্দৰ্ভত সমবেত ৰাইজক উদ্দেশ্যী বক্তব্য ৰাখে বিধায়ক গৰাকীয়ে।
ইফালে পঞ্চায়ত নিৰ্বাচনৰ দিনক লৈ ব্যাপক উৎসুকতাই বিৰাজ কৰি অহাৰ সময়তে বিজেপি দলৰ তৎপৰতা প্ৰদৰ্শন কৰি অনুষ্ঠিত কৰা উক্ত সভাতে শতাধিক স্থানীয় লোকে দলটোত আনুষ্ঠানিকভাৱে যোগদান কৰে । আনহাতে ইয়াৰ পিছতে নিকটৱৰ্তী হাচাণটুকতো আন এখন দলীয় সভা সম্বোধন কৰে বিধায়ক ভবেশ কলিতাই(Panchayat Election 2025)।
লগতে পঢ়ক : WATCH | Asaduddin Owaisi :‘মছজিদ, মাদ্ৰাছাক লক্ষ্য কৰি লৈছে চৰকাৰে’