WATCH | Gaurav Gogoi : ২৬ত অসমৰ মুখ্যমন্ত্ৰী হ’ব গৌৰৱ গগৈ!
নিউজ ডেস্ক,২৭ফেব্ৰুৱাৰী : ২৬ত অসমৰ মুখ্যমন্ত্ৰী হ’ব গৌৰৱ গগৈ। গৌৰৱ গগৈ হ’ব পাৰে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী! শীঘ্ৰেই সলনি হ’ব প্ৰদেশ কংগ্ৰেছৰ সভাপতি(Gaurav Gogoi)।
২৬ৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ হাইকামাণ্ডে এতিয়াৰে পৰাই ৰণনীতি যুগুত কৰিবলৈ সাজু হৈছে। যিকোনো মুহূৰ্তত সলনি হ’ব পাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি।
কোন হ’ব অসম প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি?তাক লৈ চলিছে ব্যাপক চৰ্চা।কেৱল সভাপতিয়ে নহয় ঠিক একেদৰেই ’২৬ ৰ নিৰ্বাচনত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীক লৈও চলিছে গুণাগাথাঁ।
দীৰ্ঘসময়ৰ বাবে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্বত থকা ভূপেন বৰাক আঁতৰাই নতুন মুখত সভাপতিৰ দায়িত্ব দিয়াৰ বহু সম্ভাৱনা আছে। কেৱল সভাপতিয়েই নহয়, অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰায়বোৰ পদবীতে ব্যাপক ৰদবদল কৰিব বুলি খবৰ ওলাইছে। নেতৃত্বৰ বিফলতা, দুৰ্বল প্ৰদৰ্শন, দলীয় অসন্তুষ্টি আদি কেইবাটাও কাৰকৰ বাবে ৰদবদল কৰাটো প্ৰয়োজন হৈ পৰিছে কংগ্ৰেছত।
মাজত মাত্ৰ আৰু কেইটামান মাহ বাকী আছে। তাৰপাছতেই অসমত বিধানসভা নিৰ্বাচন। আহিবলগীয়া নিৰ্বাচনক লৈ কংগ্ৰেছৰ ভেটি অধিক শক্তিশালী কৰিব নোৱাৰিলে পুনৰ বিৰোধীৰ আসনতে সন্তুষ্ট হৈ থাকিব লাগিব কংগ্ৰেছ। আৰু ইতিমধ্যে এই কথা বুজি উঠিছে কংগ্ৰেছ হাইকমাণ্ড(APCC president may be replaced soon)।
যাৰ বাবে আজি নতুন দিল্লীত কংগ্ৰেছ ৱৰ্কিং কমিটীৰ বৈঠক আয়োজন কৰি তলব কৰিছে অসমৰ কেইবাজনো শীৰ্ষ কংগ্ৰেছ নেতাক। সভাপতি ভূপেন বৰাকে ধৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন, বিধায়ক জাকিৰ হুছেইন শিকদাৰ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰ, বিধায়ক হাফিজ ৰছিদ আহমেদ চৌধুৰী, প্ৰাক্তন সাংসদ আব্দুল খালেক, ৱাজেদ আলি চৌধুৰী প্ৰদীপ সৰকাৰ, নন্দিতা দাস আদি কেইবাগৰাকীও কংগ্ৰেছ নেতাক তলৱ কৰিছে কংগ্ৰেছ হাইকামাণ্ডে।
বিশেষ সূত্ৰে জানিব পৰা অনুসৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ঠাইত দায়িত্ব দিয়াৰ সম্ভাৱনা আছে প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছী ভৰত নৰহক। ২৬ৰ নিৰ্বাচনত বৰ্তমানৰ নেতৃত্বক লৈ যে কংগ্ৰেছ দলে অৱতীৰ্ণ হোৱাৰ চিন্তা কৰা নাই সেয়া একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে । প্ৰদেশ কংগ্ৰেছৰ আন্তঃগাঠনিত ব্যাপক ৰদবদল কৰি নতুন সেনাপতিৰ নেতৃত্বত নিৰ্বাচনত খেলাটো প্ৰায় নিশ্চিত।
প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ বাবে কেইবাজনো লোকৰ নাম চৰ্চাত আছে ইয়াৰ ভিতৰত সাংসদ গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈকে ধৰি আন কেইবাজনো জ্যেষ্ঠ নেতাৰ নাম উচ্চাৰিত হৈছে। অৱশ্যে কোনো কাৰণত সভাপতি হিচাপে গৌৰৱ গগৈক নিৰ্বাচন নকৰিলেও ’২৬ৰ নিৰ্বাচনত গৌৰৱ গগৈক গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰাৰ সম্ভাৱনা নথকা নহয়।