Local, Vocal, Global

Watch | S.Jaishankar Leads Diplomatic Delegation on Kaziranga Elephant Safari: পুৱাই কাজিৰঙাৰ নৈসৰ্গিক পৰিৱেশ উপভোগ অসমৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ আৰু ৰাষ্ট্ৰদূতৰ

গুৱাহাটী: বিহুপছতে বিশ্ব অভিলেখ গঢ়া দিশে দিখে ঝুমুৰ নৃত্য।গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠান। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত উদ্ভাসিত হ’ব ঝুমুৰ নৃত্য ।আজি সন্ধিয়া প্ৰধানমন্ত্ৰীকে ধৰি কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু ৬০ খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতৰ উপৰি বহু অভ্যাগতৰ উপস্থিতিত সৰুসজাইত একেলগে আঠসহস্ৰাধিক ঝুমুৰ শিল্পীয়ে পৰিৱেশন কৰিব ‘‘ঝুমুৰ নৃত্য’’।

মহিলা নৃত্যশিল্পীকে ধৰি পুৰুষ নৃত্যশিল্পীৰ লগতে বাদ্যযন্ত্ৰীসহ ৯ হাজাৰৰো অধিক শিল্পীয়ে এই অনুষ্ঠানত ভাগ ল’ব ।ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি ঝুমইৰ বিনন্দিনীত ভাগ লোৱা প্ৰতিগৰাকী শিল্পীলৈ ২৫ হাজাৰকৈ টকা আগবঢ়োৱা হ’ল । লগতে ৰাজ্যৰ ৮০০ খন চাহ বাগিচালৈয়ো ২৫ হাজাৰ টকাকৈ আগবঢ়োৱা হ’ব ।
কেন্দ্ৰীয় বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ নেতৃত্বত আজি আহিব ৬০ খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত।

কাজিৰঙাত উপস্থিত অসমৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শং আৰু দেশৰ ৰাষ্ট্ৰদূত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জীপ ছাফাৰি,এলিফেণ্ট চাফাৰী উপভোগ কৰিলে সকলোৱে।


এছ জয়শংকৰে কয়, “এইটো এটা ভাল অভিজ্ঞতা । আমি গঁড়, ম’হ আৰু হৰিণৰ খুব ওচৰলৈ গৈছিলো। জৰ্জিয়াৰ ৰাষ্ট্ৰদূতে কৈছিল যে এই মাহত, তেওঁলোকে মহা কুম্ভলৈ গৈছিল আৰু তাৰ পিছত ইয়ালৈও আহিছিল। এইটো তেওঁৰ বাবে এটা ভাল অভিজ্ঞতা আছিল। মই বহুত সুখী যে বহুতো পৰ্যটক ইয়ালৈ আহি আছে। আমি ইয়াত এডভাণ্টেজ 2.oত অসমৰ বাবে আছো আৰু আমি অসম আৰু উত্তৰ-পূবৰাজ্যসমূহক এক উচ্চ প্ৰ’ফাইল দিব বিচাৰো যাতে অধিক আন্তঃৰাষ্ট্ৰীয় পৰ্যটক আৰু বিনিয়োগকাৰী ইয়ালৈ আহে। এই বছৰ কাজিৰঙাই ইতিমধ্যে ৩ লাখ পৰ্যটকৰ ব্যৱধান অতিক্ৰম কৰিছে, যি টো এটা অতি ভাল প্ৰৱণতা…”