WATCH | APYC President Zubair Anam detained: মহানগৰীৰ ছয়মাইল পাঞ্জৱাৰী সংযোগী পথত উত্তপ্ত পৰিস্থিতি

নিউজ ডেস্ক,২২ফেব্ৰুৱাৰী : মহানগৰীৰ ছয়মাইল পাঞ্জৱাৰী সংযোগী পথত উত্তপ্ত পৰিস্থিতি।
গুৱাহাটীৰ যুৱ কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ যোৱা যুৱ কংগ্ৰেছীক নেতা কৰ্মীক আটক আৰক্ষীৰ(APYC President Zubair Anam detained)।
ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ কংগ্ৰেছৰ নেতা-কর্মীক আটক কৰিছে আৰক্ষীয়ে।
আৰক্ষীৰ কাণ্ডত খৰ্গহস্ত কংগ্ৰেছ কৰ্মী।
ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰা ঘটনাৰ লগত জড়িত থকা দোষীক কৰায়ত্ত কৰাৰ দাবীত যুৱ কংগ্ৰেছৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত হ’ব লগীয়া প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যেৰে
অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ আনমক আটক কৰিছে আৰক্ষীয়ে।নিজা বাসগৃহৰ পৰা আটক কৰে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতিগৰাকীক । অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটীৰ উদ্যোগত আজি অনুষ্ঠিত হ’বলগীয়া প্ৰতিবাদী কাৰ্যসূচীলৈ যোৱাৰ আগমূহুৰ্তত আৰক্ষী প্ৰশাসনে সভাপতি গৰাকীক আটক কৰে।
লগতে পঢ়ক:WATCH | Chapar News: চাপৰৰ আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি