Local, Vocal, Global

WATCH | 12 Congress workers detained in Chapar: গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া প্ৰতিবাদী কাৰ্যসূচীলৈ ৰাওনা হোৱা কংগ্ৰেছ কৰ্মীক আটক

চাপৰ,২২ফেব্ৰুৱাৰী : সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰা ঘটনাৰ প্ৰতিবাদত আজি গুৱাহাটীত হ’বলগীয়া প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে চাপৰৰ পৰা যাত্ৰা কৰা কংগ্ৰেছ কৰ্মী সকলোক আটক কৰে চাপৰ আৰক্ষীয়ে। চাপৰ আৰক্ষীয়ে আটক কৰা কৰ্মী সকল হৈছে ধুবুৰী জিলা কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ অধ্যক্ষ আষাদ আলী, ধুবুৰী জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰাফিউৰ জামান, কংগ্ৰেছ কৰ্মী আলতাপ হুছেইন, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰফিকুল হক, NSUI ৰ ৰাজ্যিক সম্পাদক আজহাৰ মাহমুদকে ধৰি মুঠ ১২ জনকৈ কংগ্ৰেছৰ কৰ্মীক আৰক্ষীয়ে আটক কৰে বুলি জানিব পৰা গৈছে।

আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ উজাৰি অসম আৰক্ষীক বিজেপিৰ গুণ্ডা বাহিনী বুলি কঠাক্ষ কৰে কংগ্ৰেছে(12 Congress workers detained in Chapar)।

‘অসম আৰক্ষীয়ে কংগ্ৰেছ কৰ্মী সকলোক প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পৰা বিৰত ৰাখিবলৈ যি ভূমিকা গ্ৰহণ কৰিছে। সেই ভূমিকা যদি সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰা দুৰ্বৃত্ত সকলোক আটক কৰাত গুৰুত্ব প্ৰদান কৰিলেহেতেন তেন্তে দুৰ্বৃত্ত সকল ইতিমধ্যে ৰঙা ঘৰৰ আলহী হ’লহেঁতেন’। এই ক্ষোভ চাপৰত আটক হোৱা যুৱ কংগ্ৰেছীৰ।

লগতে পঢ়ক: WATCH | Jamugurihat News: ৰঙাপৰাৰ উৰহীলগা মধ্য ইংৰাজী আৰু হাইস্কুলৰ সীমাবেৰা-শ্রেণী কোঠা নিৰ্মাণৰ আধাৰশিলা স্থাপন BTR প্ৰধান প্রমোদ বড়োৰ