Local, Vocal, Global

Watch | Case filed by MP Rakibul Hussain: সাংসদ ৰকীবুল হুছেইনৰ এজাহাৰ দাখিল

গুৱাহাটী: নগাঁও জিলা ৰূপহীহাটত ধুবুৰীৰ সাংসদ ৰকীবুল হুছেইনক দুৰ্বৃত্তই আক্ৰমণ কৰা সন্দৰ্ভত নগাঁও সদৰ আৰক্ষী থানাত এজাহৰ দাখিল। উল্লেখ্য যে সাংসদ গৰাকীয়ে নতুন চামগুৰি সমষ্টিৰ গুণাবাৰীত কংগ্ৰেছৰ এক কৰ্মী সভালৈ যোৱা সময়চোৱাত ৰূপহীত কলা পতাকা প্ৰদৰ্শন কৰি কোনো দুৰ্বৃত্তই সাংসদগৰাকীক আক্ৰমণ কৰিছিল।উক্ত ঘটনাটিৰ সন্দৰ্ভত সাংসদগৰাকীয়ে আজি নগাঁও সদৰ আৰক্ষীক এখনি এজাহাৰ দাখিল কৰে। এজাহাৰ দাখিল কৰি সাংসদগৰাকীয়ে সংবাদ মাধ্যমৰ আগত বহুবোৰ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে।