Watch | Rekha Gupta took the oath: দিল্লীৰ নৱ নিৰ্বাচিত চৰকাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ ৰেখা গুপ্তাৰ
গুৱাহাটী: আজি শপতগ্ৰহণ কৰিলে দিল্লীৰ নৱ নিৰ্বাচিত চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে। শপতগ্ৰহণ ৰেখা গুপ্তাৰ। দিল্লীৰ চতুৰ্থগৰাকী মুখ্যমন্ত্ৰী হিচাপে আজি শপত গ্ৰহণ কৰে ৰেখা গুপ্তাই। সদ্য সমাপ্ত দিল্লী বিধানসভা নিৰ্বাচনত ২৭ বছৰৰ মূৰত ক্ষমতা দখল কৰিবলৈ সক্ষম হৈছে বিজেপিয়ে।
গেৰুৱা দলটোৱে ৭০ জনীয়া দিল্লী বিধানসভাত ৪৮খন আসন লাভ কৰি আম আদমিক ক্ষমতাৰ পৰা আঁতৰাই নিজৰ চমক দেখাই। এটা দশকৰো অধিক কাল দিল্লী বিধানসভা দখল কৰি থকা আপে এইবাৰ নিৰ্বাচনত মাত্ৰ ২২খন আসনহে লাভ কৰে
যোৱা ৮ ফেব্ৰুৱাৰীত নিৰ্বাচনৰ ফলাফল প্ৰকাশ পোৱাৰ পাছত দলটোৱে ১৯ ফেব্ৰুৱাৰীত দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিলে ৰেখা গুপ্তাক। তাৰোপৰি পৰবেছ ভাৰ্মাক দিয়া হৈছে উপ-মুখ্যমন্ত্ৰীৰ পদ।আজি ৰাজধানী দিল্লীৰ ৰামলীলা ময়দানত দিল্লীৰ নতুন চৰকাৰৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰীকে ধৰি আন কেইবাজনো মন্ত্ৰীয়ে শপতগ্ৰহণ কৰে। এই শপতগ্ৰহণ অনুষ্ঠানৰ বাবে দিল্লীত একত্ৰিত হয় বিজেপি শীৰ্ষ নেতৃত্ব।