Local, Vocal, Global

Gaurav Gogoi slams Himanta Biswa Sarma:মুখ্যমন্ত্ৰীক প্ৰত্য়ুতৰ গৌৰৱ গগৈৰ

গুৱাহাটী: সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথক লৈ মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰা অভিযোগৰ মাজতে আজি এক সংবাদ মেলৰ আয়োজন কৰে সাংসদ গৌৰৱ গগৈয়ে। সংবাদ মাধ্যমক সম্বোধন কৰি শাসনাধিষ্ঠিত চৰকাৰ আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰে গৌৰৱ গগৈ।

গৌৰৱ গগৈয়ে কয় যে-“মোক লৈ বিজেপিয়ে ভয় খাইছে,আগত মুখ্যমন্ত্ৰীয়ে ৰাইজৰ প্ৰশ্নৰ উত্তৰ দিয়ক,তাৰপাছত মই উত্তৰ দিম মধ্যপ্ৰদেশত বিজেপিৰ ISI এজেন্ট এজন ধৰা পৰিছিল ,বিজেপিয়ে কি ব্যৱস্থা গ্ৰহন কৰিলে ? ISI এজেন্ট কংগ্ৰেছত নহয় বিজেপিৰ পৰাই আৰম্ভ হৈছে,আগত এই কথাবোৰৰ উত্তৰ দিয়ক মুখ্যমন্ত্ৰীয়ে’মোৰ পত্নী এলিজাবেথ কেটৰিনা কেইফ, মই ছলমান খান’ টাইগাৰ জিন্দা হ্যে ছবিৰে খুহুটীয়া ধেমালি গৌৰৱ গগৈৰ।”ইয়াৰোপৰি তেওঁ কয় যে, বিজেপিৰ সকলোৱে মোক টাৰ্গেট কৰি আছে। বিজেপিৰ গোটেই ইকো ছিষ্টেমে মোক টাৰ্গেট কৰিলেও মই ভয় নকৰো, মই দলো নসলাও, কাৰণ মই তৰুণ গগৈৰ পুত্র।

ৰাষ্ট্ৰীয় সুৰক্ষা আৰু পত্নী এলিজাবেথ প্ৰসংগত চৰকাৰখনক উদ্দেশ্যি গৌৰৱ গগৈয়ে কয় যে, ৰাষ্ট্রীয় সুৰক্ষাৰ কথা কোৱা সকলে মণিপুৰৰ সুৰক্ষাৰ কথা চিন্তা কৰিব লাগিছিল। আমাৰ শক্তি বৃদ্ধি হোৱাৰ বাবে বিজেপিত ভূমিকম্প হৈছে। বিজেপিৰ হাতত কেৱল ১২ মাহ সময় আছে। ইফালে অসমত অবৈধ কয়লাৰ টকা আমি বন্ধ কৰাই দিয়া বাবে মুখ্যমন্ত্রীৰ মন বেয়া বুলিও ব্যক্ত কৰে সাংসদ গৌৰৱ গগৈয়ে।