5 abducted students rescued by Silchar police: ২৪ ঘণ্টা পাছত শিলচৰ আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ছাত্ৰক
গুৱাহাটী: বৰদলনিত পাঁচজনকৈ ছাত্ৰ একেলগে নিৰুদ্দেশ। বৰদলনিৰ পৰা নিৰুদ্দেশ পাঁচজন স্কুলীয়া কিশোৰ।ছাত্ৰ কেইজনক বৰদলনি লিটল গড মডেল স্কুলত নৱম শ্ৰেণীৰ অধ্যয়নৰত ছাত্ৰ। তাৰে তিনিজন বৰদলনি অঞ্চলৰ আৰু দুজন গোগামুখৰ ছাত্ৰ।ঘটনা অনুসৰি বৃহস্পতিবাৰে পুৱা ঘৰৰ পৰা স্কুললৈ যাও বুলি ওলাই আহিছিল আগৰ দৰে তাৰে ৪ জন ছাত্ৰ। যদিও স্কুললৈ ওলাই আহিছিল স্কুলৰ বাউণ্ডাৰীলৈ নোযোৱাকৈয়ে বাহিৰে বাহিৰে পাঁছজনে লগ হৈ সন্ধানহীন হয়। স্কুল ছুটি দিয়াৰ পিছতে ঘৰলৈ উভতি নহাত হুলস্থল হয় পৰিয়ালৰ মাজত। ইয়াৰে পিছত আৰক্ষীক এজাহাৰ দিয়াত ২৪ ঘণ্টা মূৰত ছাত্ৰ কেইজনক শিলচৰ আৰক্ষীয়ে কিছু সময়ৰ পূৰ্বে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ছাত্ৰ কেইজন ।