Road accident in bilasipara: বিলাসীপাৰাত তীব্ৰ বেগী ট্ৰেক্টৰৰ খুন্দাত আহত পথচাৰি
গুৱাহাটী: বিলাসীপাৰাত তীব্ৰ বেগী ট্ৰেক্টৰৰ খুন্দাত আহত পথচাৰি বিলাসীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰ বেগী ট্ৰেক্টৰৰ খুন্দাত আহত পথচাৰি। আহত পথচাৰিজন বিলাসীপাৰাৰ হাকামাৰ শহিদুল ইছলাম (২৩)। শহিদুল ইছলামক সংকটজনক অৱস্থাত বিলাসীপাৰাৰ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
পিছত উন্নত চিকিৎসাৰ বাবে আহত শহিদুল ইছলামক মুমূৰ্ষ অৱস্থাত কোকৰাঝাৰ অসামৰিক চিকিৎসালয়লৈ আৰু কোকৰাঝাৰ অসামৰিক চিকিৎসালয়ৰ পৰা বৰপেটা মেডিকেল কলেজ লৈ প্ৰেৰণ কৰা হয়। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰেক্টৰটোৰখনৰ নম্বৰ হৈছে- AS16AC 3466। বিলাসীপাৰাত ট্ৰেক্টৰ চালকৰ সন্ত্ৰাসত অতিষ্ঠ হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ। অবৈধ মাটি কঢ়িওৱা ট্ৰেক্টৰৰ সন্ত্ৰাস ৰোধ কৰাত সম্পূৰ্ণ ৰূপে ব্যৰ্থ বিলাসীপাৰা আৰক্ষী।