Local, Vocal, Global

Presidential rule in manipur: মণিপুৰত ৰাষ্ট্ৰপতি শাসন জাৰি


মণিপুৰ: মণিপুৰত জাৰি কৰা হ’ল ৰাষ্ট্ৰপতি শাসন। চাৰিদিনে মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিব নোৱাৰিলে বিজেপিয়ে। মুখ্যমন্ত্ৰী বীৰেন সিঙৰ পদত্যাগৰ পিছতে ৰাষ্ট্ৰপতি শাসন জাৰি ।ৰাষ্ট্ৰপতি শাসনৰ ঘোষণা গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ।এতিয়াৰে পৰা ৰাজ্যপালৰ হাতত থাকিব ৰাজ্যখনৰ শাসনৰ ক্ষমতা। ৯ ফেব্ৰুৱাৰীত পদত্যাগ কৰিছিল মুখ্যমন্ত্ৰী এন বীৰেন সিঙে।

সংঘৰ্ষ পীড়িত ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰাৰ পাছতেই পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব, তাকে লৈ চলিছিল জল্পনা-কল্পনা। কিন্তু, চাৰিদিন উকলি যোৱাৰ পাছতো ঘোষণা নহ’ল নতুন মুখ্যমন্ত্ৰীৰ নাম। সংবিধানৰ ৩৫৬ নং অনুচ্ছেদ অনুসৰি ৰাজ্যখনৰ সকলো কাম-কাজ ৰাষ্ট্ৰপতিৰ অধীনত।দুমাহপৰ্যন্ত মণিপুৰত বাহাল থাকিব পাৰে ৰাষ্ট্ৰপতিৰ শাসন।৯ ফেব্ৰুৱাৰীত পদত্যাগ কৰাৰ পিছৰে পৰা তদাৰকী মুখ্যমন্ত্ৰীৰ দায়িত্বত আছিল এন বীৰেন সিং।