Local, Vocal, Global

Me-Dam-Me-Phi : আজি পৱিত্ৰ মে-ডাম-মে-ফী

৩১জানুৱাৰী ২০২৫,ৱেবডেস্ক: আজি পৱিত্ৰ মে-ডাম-মে-ফী। প্ৰতি বছৰে টাই আহোমসকলে ৩১ জানুৱাৰীত টাই আহোমসকলে পূৰ্বপুৰুষৰ মৃতকসকলক পূজা-অৰ্চনা কৰি জাতিটোৰ লগতে অসম ৰাজ্য আৰু দেশৰ মংগল বাঞ্ছা কৰে। টাই আহোমসকলে অতীজৰে পৰা পূৰ্বপুৰুষৰ মৃতকৰ স্মৃতিচাৰণৰ হেতু পূজা অৰ্চনা কৰি আহিছে। উল্লেখ্য যে, মে-ডাম-মে-ফী(Me-Dam-Me-Phi)হ‘ল তাই আহোমসকলৰ এক আহোম ধৰ্মৰ নিয়ম অনুসৰি পালন কৰা সামাজিক পৰম্পৰাগত উৎসৱ।মে-ডাম-মে-ফী উৎসৱত পালন কৰাতো হৈছে আহোমসকলে পূৰ্বপুৰুষ সকলক স্মৰণ কৰে আৰু বিশ্ব শান্তিৰ বাবে কামনা কৰে। টাই আহোমসকলে বিশ্বাস কৰে যে উপৰি-পুৰুষৰ সৈতে অশাৰীৰিক যোগসূত্ৰ স্থাপন কৰি নিজৰ আৰু সমাজৰ তথা দেশৰ মংগলৰ বাবে জন-মিং বা আশীৰ্বাদ বিচৰা হয়।মে-ডাম-মে-ফিৰ অৰ্থ হ‘ল মে মানে তৰ্পন, ডাম মানে মৃতক আৰু ফী মানে হ‘ল মৃতকৰ দেও। অন্যান্য পৰম্পৰাৰ দৰে মে মে-ডাম-মে-ফিৰ পালনৰ বাবেও নীতি নিয়ম আছে যাক তাঈ আহোম ভাষাত খ্য়েক-লাই বুলি জনা যায়।
প্ৰচলিত বিশ্বাস অনুসৰি এই নীতি নিয়ম সমূহ অসমলৈ আনিছিল চাওলুং চ্যুকাফাৰ লগত অহা বুৰঞ্জী লিখক ম’-মুন্-ম’-মাই দেওধায়ে। বৰ্তমান সময়ত প্ৰতিবছৰে জানুৱাৰী মাহৰ ৩১ তাৰিখে পালন কৰা এই পৰম্পৰাৰ বাবে সমূহীয়াকৈ ৰাইজ গোট খাই এখন আঠচুকীয়া অস্থায়ী হ’-ফী (দেউশাল) সাজে আৰু ইয়াত আঠখন মেহেঙা (শৰাই) পাতি তেওঁলোকৰ আদি পিতা লেংডন দেৱতা প্ৰমুখ্যে আঠজন ‘’ফী’’ক উপাসনা কৰে। এইপূজাত ফুৰা-তা-ৰা-আলং অথবা নিৰাকাৰ ভগৱানক প্ৰাৰ্থনা জনোৱাৰ উপৰিও ঙি ডাম খাম্ বা সোণালী ড্ৰেগন অংকিত পতাকা উত্তোলন কৰি সমূহীয়াভাৱে ভোজ দিয়া হয়।টাই-আহোমসকলৰ এইটো এটা জন বিশ্বাস যে, পূৰ্ব্ব পুৰুষসকলে মৃত্যুৰ পিছত ’ডাম-ফী’ মানে দেৱতাৰ ৰূপত সাতখন স্বৰ্গৰ কোনোবা এখনত বাস কৰে আৰু পৃথিৱীত ৰৈ যোৱা তেওঁলোকৰ পো-নাতি-পৰিনাতি-জীয়ৰী-বোৱাৰী সকলোৰে অভিভাৱকত্ব গ্ৰহণ কৰে।