Goalpara accident:গোৱালপাৰাত আল্ট্ৰা বাছ-অটোৰ ভয়ংকৰ সংঘৰ্ষ

৩১জানুৱাৰী ২০২৫,গোৱালপাৰা:অতিকে শোকাৱহ,কালি নিশা সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।গোৱালপাৰা জিলাৰ ধূপধৰা আৰক্ষী থানাৰ অন্তৰ্গত কোঠাকুঠিত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা ৷কোঠাকুঠিৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন আল্ট্ৰা বাছ আৰু এখন অটোৰ মাজত সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনাটো ৷ ঘটনাস্থলীতে প্ৰাণ হেৰুৱাই এজন লোকে। আনহাতে অন্য কেইবাজনৰো অৱস্থা অতিকে সংকটজনক।
দুৰ্ঘটনাত অটোৰ এগৰাকী লোক নিহত হোৱাৰ বিপৰীতে শিশু সহ তিনিজন লোক গুৰুতৰ ভাৱে আহত হয় ৷ আহত লোক সকলক উন্নত চিকিৎসাৰ বাবে নিশাতেই গুৱাহাটী গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে ৷
নিহত লোকজনৰ ৰংজুলি কাহিবাৰীৰ উৎপল ৰাভা বুলি জানিব পৰা গৈছে ৷ আনহাতে মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা ব্যক্ত কৰিছে দুৰ্ঘটনা প্ৰত্যক্ষদৰ্শীয়ে।জানিব পৰা মতে, অটোখনত যাত্ৰা কৰি অহা লোক সকল ৰংজুলি কাহিবাৰীৰ পৰা ধূপধৰাত অনুষ্ঠিত হোৱা দুধনৈ পূৰ্বাঞ্চল ৰাভা সমাজৰ বাৰ্ষিক অধিৱেশনলৈ গৈ আছিল। সেই সময়তে এই শোকাৱহ পথ দুৰ্ঘটনাটি সংঘটিত হয় ৷