Local, Vocal, Global

Abhayapuri amit sarovar scheme turned into a farce:ৰাজ্য চৰকাৰৰ অমৃত সৰোবৰ আঁচনি এতিয়া প্ৰহসনত পৰিণত

২৫ জানুৱাৰী ২০২৫,অভয়াপুৰী :স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি চৰকাৰে ৰাজ্যত ৰূপায়ণ কৰিছিল ব্যয়বহুল আঁচনি অমৃত সৰোবৰ আঁচনি। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁও জিলাতো লাখ লাখ টকা ব্যয় সাপেক্ষে ৭৫ টাকৈ অমৃত সৰোবৰ পুখুৰী খান্দিছিল চৰকাৰে।পিছে বঙাইগাঁও জিলাত অমৃত সৰোবৰ আঁচনি এতিয়া প্ৰহসনত পৰিনিত হৈছে। অমৃত সৰোবৰ আঁচনিৰ পুখুৰীত নাই এটোপাল পানী। এই দৃশ্য বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ অন্তৰ্গত আমবাৰী-বাৰেগড় পঞ্চায়তৰ টিলাপাৰাত ৰাজ্য চৰকাৰে অমৃত সৰোবৰ আঁচনিৰ পুখুৰী । বিভাগীয় কৰ্তৃপক্ষৰ দায়িত্বহীনতাত পৰিত্যক্ত অৱস্থাত আছে অমৃত সৰোবৰ আঁচনিৰ পুখুৰী সমুহ।অমৃত সৰোবৰ আঁচনিৰ মুখ্য উদ্দেশ্যে বানিজ্যিক ভিত্তিত একত্ৰিত ভাৱে কৃষি কাৰ্য ৰূপায়ন লগতে মৎস্য উৎপাদনকে ধৰি কৃষক সকলক প্ৰয়োজনীয় পানীৰ উৎস সৃষ্টি কৰা। ইয়াৰ পৰিৱৰ্তে স্থানীয় একাংশ লোকে উক্ত পুখুৰীটোৰ পাৰত কিছুপৰিমানে ৰঙালাওৰ খেতি কৰাহে পৰিলক্ষিত হয়। আচনি ৰূপায়নত একাংশ বিষয়া-কৰ্মচাৰীৰ অৱাধ দুৰ্নীতি অথবা বিভাগীয় কৰ্তৃপক্ষৰ দ্বায়িত্বহীনতাৰ ফলতেই প্ৰায় ১৫ লাখ টকা ব্যয়সাপেক্ষে অমৃত সৰোবৰ আচনিৰ অধীনত নিৰ্মান হোৱা টিলাপাৰা অমৃত সৰোবৰ আচনিৰ পুখুৰী সম্প্ৰতি এক মৰুভূমি সদৃশ পৰিবেশৰ সৃষ্টি হোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে।