Umrangso mine tragedy: বৰ্তমানেও অব্যাহত আছে উমৰাংছুৰ কয়লাখনিৰৰ সুৰংগত উদ্ধাৰ অভিযান
নিউজ ডেস্ক,৯জানুৱাৰী : বৰ্তমানেও অব্যাহত আছে উমৰাংছুৰ কয়লাখনিৰৰ সুৰংগত উদ্ধাৰ অভিযান ।
মঙলবাৰৰ পৰা SDRF,NDRF তথা নৌ- সেনাৰ দলে নিৰৱচ্ছিন্নভাৱে চলাই আছে অভিযান। অভিযানত ঘটনা সংঘটিত হোৱাৰ প্ৰায় ৪৫ ঘণ্টাৰ পাছতহে খাদৰ গভীৰৰ পৰা উদ্ধাৰ কৰে প্ৰথমজন শ্ৰমিকৰ নিথৰ দেহ।
বুধবাৰে অভিযানৰ প্ৰথম ২০ মিনিটতে নৌ-সেনাৰ ২১ পেৰাডাইভাৰে উদ্ধাৰ কৰে নেপালৰ গংগা বাহাদুৰ শ্ৰেষ্ঠৰ মৃতদেহ ।
এজনৰ মৃতদেহ উদ্ধাৰৰ পিছতে নিখোজ আনসকল শ্ৰমিকৰ সন্ধানত উদ্ধাৰকাৰী দলে চলাই আছে অভিযান। অভিযানত নামিল ক’ল ইণ্ডিয়াৰ এটা দলো। ইতিমধ্যে কয়লা খনিৰ খাদৰ পানীত উদ্ধাৰ হৈছে আবদ্ধ শ্ৰমিকৰ জোতা, চেণ্ডেল আৰু হেলমেট। কেমেৰাৰ দৃশ্য চাই ওপৰৰ পৰা সেনাই নিৰীক্ষণ কৰি গ’ল পৰিস্থিতি। খনিৰ তলত পানীৰ মাজলৈ কেমেৰা পঠাই বন্দী কৰিলে গভীৰৰ দৃশ্য। আনহাতে, নৌ সেনা আৰু NDRFৰ পেৰাডাইভাৰে খাদৰ গভীৰতালৈ চলাই গ’ল উদ্ধাৰ অভিযান(Umrangso mine tragedy)।
চৰকাৰী তথ্যত মুঠ ৯গৰাকী শ্ৰমিক সুৰংগত আৱদ্ধ হৈ আছিল বুলি প্ৰকাশ পালেও স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে যে, সেই অঘটনৰ সময়ত সুৰংগত কৰ্মৰত অৱস্থাত আছিল আৰু বহুকেইগৰাকী শ্ৰমিক। সুৰংগত ৯গৰাকী শ্ৰমিক আৱদ্ধ হৈ আছিল যদিও ইয়াৰে ৪গৰাকী শ্ৰমিকৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ হৈছে।
সুৰংগত প্ৰায় ২০০ফুট উচ্চতালৈকে ওফন্দি উঠা পানীত বাকী ৫গৰাকী শ্ৰমিকৰ সন্ধানত উদ্ধাৰকাৰী দলে চলাই আছে উদ্ধাৰ অভিযান। অ এন জি চিৰ ৪টা পাম্পৰে পানী নিষ্কাষণ কৰি সুৰংগৰ গভীৰলৈ যোৱাৰ চেষ্টা চলাইছে উদ্ধাৰকাৰী দলে(72 Hours, 8 Labourers Trapped; Rescue Operation Continues)।
লগতে পঢ়ক :Ferry Services : আজিৰে পৰা বন্ধ সকলো চৰকাৰী জাহাজ