Tragic road accident in Mariani: গছত খুন্দাত তীব্ৰবেগী বলেৰ’ বাহনৰ;নিহত এজন,আহত ৩জন
মৰিয়নি,২জানুৱাৰী : নৱবৰ্ষৰ প্ৰথমদিনটোৰ নিশা মৰিয়নিৰ চেলেংহাটত ভয়ংকৰ দুৰ্ঘটনা। চেলেংহাটৰ কুকুৰাছোৱা গাঁওৰ কনকলতা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত সংঘটিত হয় দুৰ্ঘটনাটো ।
চেলেংহাটত গছত খুন্দাত তীব্ৰবেগী বলেৰ’ বাহনৰ। AS33A3801 নম্বৰৰ তীব্ৰ বেগী ব’লেৰ বাহনখনে খুন্দা মাৰে গছত।
ফলত নিহত এজন,আহত তিনিজনকৈ লোক।নিহত যুৱকজন অভিজীৎ চেতীয়া(২৫) বুলি জানিব পৰা গৈছে।নিহত যুৱকজনৰ ঘৰ চেলেংহাট দুলীয়া গাঁওত।গুৰুত্বভাৱে আহত যুৱককেইজন ক্ৰমে ৰক্তিম, হেমন্ত আৰু দেৱব্ৰতক বুলি জানিব পৰা গৈছে।আহত সকলক JMCH ত ভৰ্তি(Tragic road accident in Mariani)।
জানিব পৰা মতে,অৰুনাচলত ফুৰিবলৈ গৈছিল চাৰিজনীয়া যুৱকৰ দলটো।