Local, Vocal, Global

Payel Saikia Death Case: নৱবৰ্ষৰ প্ৰথম দিনটোতে ৰহস্যজনকভাৱে যুৱতীৰ মৃতদেহ উদ্ধাৰৰ পিছতে তীব্ৰ চাঞ্চল্য

নিউজ ডেস্ক,২জানুৱাৰী : নৱবৰ্ষৰ প্ৰথম দিনটোতে গুৱাহাটী মহানগৰীত উদ্ধাৰ মৃতদেহ ।চানমাৰিৰ এটা ভাড়াঘৰত উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ। উদ্ধাৰ হোৱা যুৱতীগৰাকীৰ নাম পায়েল শইকীয়া বুলি জানিব পৰা গৈছে। মৃত পায়েল শইকীয়াৰ ঘৰ গুৱাহাটীৰ ছাত্ৰীবাৰীত বুলি জানিব পৰা গৈছে(Payel Saikia Death Case)।

বান্ধৱীৰ সৈতে চানমাৰীৰ এটা ভাড়াঘৰত আছিল মৃত পায়েল শইকীয়া। চানমাৰীৰ ‘ব্লু বেল ৰেঙণি- দয়া সাগৰ’ নামৰ এপাৰ্টমেণ্টটোৰ চতুৰ্থ মহলাৰ H4 ব্লকত আছিল পায়েল শইকীয়া।

ঘটনা অনুসৰি,নৱবৰ্ষৰ প্ৰথম দিনটোত পায়েলৰ মাতৃয়ে কেইবাবাৰো ফোন কৰিছিল কন্যাক। কিন্তু পায়েলক বহুসময় ধৰি ফোনত নাপায় খবৰ দিছিল এপাৰ্টমেণ্টৰ ছিকিউৰিটিক। ছিকিউৰিটিয়ে বাৰে বাৰে কলিং বেল বজাই কোনো সঁহাৰি লাভ নকৰাত দুৱাৰ ভাঙি প্ৰৱেশ কৰে। দুৱাৰ খুলিয়ে ছিকিউৰিটিয়ে চিপ লোৱা অৱস্থাত প্ৰত্যক্ষ কৰে পায়েল শইকীয়াক(Guwahati Police Probe Death of Young Woman in Suspicious Circumstances)।

স্থানীয় আৱাসীয়ে জনোৱা অনুসৰি, যুৱতীগৰাকীৰ ভাড়াঘৰলৈ প্ৰায়েই অহা-যোৱা আছিল প্ৰেমিকসহ বহু লোকৰ। বিগত ৩ মাহ মান পূৰ্বে এপাৰ্টমেণ্টৰ তলত প্ৰেমিকৰ সৈতে কাজিয়াও হৈছিল পায়েল শইকীয়াৰ। আবাসীয়ে প্ৰায়ে নিচাসক্ত অৱস্থাত প্ৰত্যক্ষ কৰে যুৱতীগৰাকীক।

পায়েলে প্ৰকৃততে চূড়ান্ত সিদ্ধান্ত লৈছিল নে পায়েলক হত্যা কৰি চূড়ান্ত সিদ্ধান্তৰ ৰূপ দিবলৈ চেষ্টা কৰা হৈছে সেয়া মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পাছতহে স্পষ্ট হ’ব।

লগতে পঢ়ক :Water pipe explosion in Guwahati : পুনৰ মহানগৰীত ফুটিল পানীৰ পাইপ