Local, Vocal, Global

Water pipe explosion in Guwahati:পুনৰ গুৱাহাটী মহানগৰীত জলবিস্ফোৰণ; আহত শিশু, সন্ধানহীন যুৱক

নিউজ ডেস্ক,২জানুৱাৰী : গুৱাহাটীত পুনৰ ফুটিল পানীৰ পাইপ। মহানগৰীৰ খাৰঘূলিৰ নামঘৰ চ’কত ফুটিল জল ব’ৰ্ডৰ পানীৰ পাইপ।

জলবিস্ফোৰণৰ ফলত ৫খনকৈ দোকান ক্ষতিগ্ৰস্ত হয়। উজান বজাৰ-খাৰঘূলি পথত একাঁঠুলৈকে উঠিছে পানী।বন্ধ হৈ পৰিছে উজান বজাৰ-খাৰঘূলিৰ যাতায়াত ব্যৱস্থা।

পানীৰ ইমানেই প্ৰৱল সোঁত আছিল যে পানীৰ তীব্ৰ সোঁতত ভাঙি নিলে গছৰ ডাল। ৩০ৰ পৰা ৪০ পৰ্যন্ত ওপৰলৈ উঠিছে পানীৰ ফোঁৱাৰা। পানীৰ সোঁতত কেইবাখনো বাহনৰো ক্ষতিসাধন হৈছে। জল বিস্ফোৰণত আহত হৈছে এটি শিশু(Water pipe explosion in Guwahati)।

আনহাতে জলবিস্ফোৰণৰ পিছতে সন্ধানহীন এজন যুৱক। ২৫ বছৰীয়া এজন যুৱকৰ সন্ধান পোৱা নাই পৰিয়ালে। যুৱকজনৰ সন্ধানত অভিযান অব্যাহত।

লগতে পঢ়ক :Tragic road accident in Mariani: গছত খুন্দাত তীব্ৰবেগী বলেৰ’ বাহনৰ;নিহত এজন,আহত ৩জন