Ambedkar Samman Yatra :ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালৈক মঙলদৈত কংগ্ৰেছৰ প্ৰতিবাদ কাৰ্যসূচী
মঙলদৈ,২৪ডিচেম্বৰ : আজি দেশজুৰি কংগ্ৰেছৰ আম্বেদকাৰ সন্মান যাত্ৰা। দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো কংগ্ৰেছৰ এই যাত্ৰা। সংবিধান প্ৰণেতা বি আৰ আম্বেদকাৰ সন্দৰ্ভত অমিত শ্বাহৰ মন্তব্যৰ বিৰোধিতা। গৃহমন্ত্ৰী অমিত শ্বাহে ক্ষমা খোজাৰ দাবীত কংগ্ৰেছৰ প্ৰতিবাদী যাত্ৰা(Ambedkar Samman Yatra)।
বিৰোধী উপ-দলপতি গৌৰৱ গগৈয়ে ড০ আম্বেদকাৰৰ উত্তৰাধিকাৰ ৰক্ষাৰ বাবে কংগ্ৰেছ দলৰ দায়বদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি “আম্বেদকাৰ সন্মান যাত্ৰা”ৰ বেনাৰত দেশজোৰা প্ৰতিবাদৰ কথা ঘোষণা কৰিছিল। সেয়ে আজি সমগ্ৰ ৰাজ্যতে কংগ্ৰেছে “অম্বেদকাৰ সন্মান যাত্ৰা” ৰূপায়ণ কৰিছে।
ৰাজ্যৰ ভিন্নপ্ৰান্তৰ সমান্তৰালৈক মঙলদৈত কংগ্ৰেছৰ প্ৰতিবাদ। আম্বেদকাৰক গৃহমন্ত্ৰী অমিত চাহে সংসদত অপমান সুচক মন্তব্য কৰাৰ প্ৰতিবাদত আজি গৃহ মন্ত্ৰীৰ পদত্যাগৰ দাবীত মঙ্লদৈ ৰাজীৱ ভৱনৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।
জিলা খনৰ শতাধিক কংগ্ৰেছ কৰ্মীয়ে আয়ুক্তৰ কাৰ্যালয়লৈ সমদল কৰি আহিব বিচাৰিছিল যদিও দৰং আৰক্ষীয়ে বাধা প্ৰদান কৰে।
লগতে পঢ়ক :Jamugurihat News : জামুগুৰিহাটৰ চিমেণ্ট ভৰ্তি ট্ৰাকৰ পৰা ২০০ বেগ ঢালাই ষ্টাৰ চিমেণ্ট চুৰি