Local, Vocal, Global

হাজোত জীৱশ্ৰেষ্ঠ মানৱৰ নৃশংসতা

হাজোত জীৱশ্ৰেষ্ঠ মানৱৰ নৃশংসতা দেখিলে আপোনাৰ বুকু কঁপি উঠিব। নৃশংসতাৰ চৰম কৰ্মৰাজিৰ দৃশ্য হাজোৰ পণ্ডিতৰ পাম অঞ্চলত সংঘটিত৷  যেন সঁচাকৈ মানৱতাৰ স্খলন ঘটিছে। হাজোৰ পণ্ডিতৰ পাম অঞ্চলৰ দুই লোকৰ ঘোঁৰা দুটাই এৰাল চিঙি মহম্মদ আনাৰ নামৰ লোকজনৰ খেতিত প্ৰৱেশ কৰে। সামান্য খেতি খোৱাৰ অপৰাধত মহম্মদ আনাৰে ঘোঁৰা দুটাক প্ৰথমে চাৰিওখন ভৰি বন্ধাৰ লগতে মুখত ৰছীৰে বান্ধি লয়। পিছত ঘোঁৰা দুটাক ব্ৰহ্মপুত্ৰৰ বুকুত ডুবাই নৃশংসভাৱে হত্যা কৰে। ইমানতে ক্ষান্ত নাথাকি মহম্মদ আনাৰে ঘোঁৰা দুটা ব্ৰহ্মপুত্ৰৰ প্ৰৱল সোঁতত উটুৱাই দিয়ে। আনহাতে ঘোঁৰা দুটাৰ এটা মাইকী ঘোঁৰা গৰ্ভৱতী আছিল যদিও মাকৰ লগতে গৰ্ভত থকা পোৱালিটোৰ কৰুণ মৃত্যু ঘটে। ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে ৰামদিয়া আৰক্ষী চকীত এজাহাৰ দাখিল কৰে৷ লগতে মানৱৰূপী দানৱ মহম্মদ আনাৰৰ বিৰুদ্ধে কঠোৰ স্থিতি ল’বলৈ আহ্বান জনাইছে হাজোৰ একাংশ সচেতন মহলে।