Congress Member Mridul Islam :কংগ্ৰেছ নেতা মৃদুল ইছলামৰ জানাজা সম্পন্ন
নিউজ ডেস্ক,১৯ ডিচেম্বৰ : কংগ্ৰেছ নেতা মৃদুল ইছলামৰ জানাজা সম্পন্ন।সোণতলীৰ কিচমত কাঠনী পথাৰত সম্পন্ন হয় জানাজা।
জানাজাত অংশ লয় সহস্ৰাধিক ৰাইজে।শোকত ভাগি পৰিছে সোণতলীবাসী(Congress Member Mridul Islam)।
উল্লেখ্য যে,বুধবাৰে ৰাজভৱন চলো কাৰ্যসূচীত অংশগ্ৰহন কৰিছিল কংগ্ৰেছ নেতা মৃদুল ইছলামে।প্ৰতিবাদত মৃদুল ইছলামৰ গাত লাগিছিল কন্দুৱা গেছৰ চেল। গেছ নিক্ষেপ কৰাৰ ফলত গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল যুৱ নেতা মৃদুল। মৃদুলক নিয়া হৈছিল হাস্পতাললৈ, কিন্তু আদবাটতেই শেষ নিশ্বাস ত্যাগ কৰিছিল মৃদুলে( Congress Member Mridul Islam Laid to Rest Amid Calls for Justice)।
অধিবক্তা তথা অসম প্ৰদেশ কংগ্ৰেছৰ আইনী কোষৰ সম্পাদক মৃদুল ইছলামৰ মৃত্যুত অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে গভীৰ শোক প্ৰকাশ কৰিছে ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই এক শোক বাৰ্তাত দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দি শ্বহীদ হোৱা মৃদুল ইছলামৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰাৰ লগতে অসম প্ৰদেশ কংগ্ৰেছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ষড়যন্ত্ৰত এনেদৰে এজন নিষ্ঠাৱান কৰ্মীক হেৰুৱাবলগীয়া হোৱা বুলি উল্লেখ কৰে ৷ তেওঁ আৰু কয় যে কংগ্ৰেছে সমগ্ৰ দেশজুৰি আদানিৰ দুৰ্নীতি, অসমত গাঁৱৰ ৰাইজক স্মাৰ্ট মিটাৰৰ যোগেদি লুণ্ঠনৰ বিৰুদ্ধে আৰু মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ দাবীত বুধবাৰে এক প্ৰতিবাদী সমদল উলিয়াইছিল ৷
লগতে পঢ়ক:Sumi Borah Granted Bail in Multi-Crore Financial Fraud Case:অৱশেষত জামিন লাভ কৰিলে জুমি বৰাই