নুমলীগড়ৰ বায়’ৰিফাইনেৰী প্ৰকল্পত শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ

নুমলীগড়ৰ জৈৱ শোধনাগাৰত লকডাউনৰ অজুহাতত পাঞ্জাব ইঞ্জিনিয়াৰিং কোম্পানীটোৱে কোম্পানীটোত কৰ্মৰত বহু শ্ৰমিকক কামৰ পৰা উলিয়াই দিয়াৰ অভিযোগ আৰু বায়’ৰিফাইনেৰীৰ CEO গুণীন শৰ্মাৰ মইমতালিৰ লগতে শ্ৰমিকৰ প্ৰাপ্য মজুৰি আদায় দিয়াৰ দাবীত শ্ৰমিকৰ ব্যাপক প্ৰতিবাদ। আজি প্ৰায় দুমাহ দিন ধৰি কোম্পানীটোৰ কামৰ পৰা উলিয়াই দিয়া স্থানীয় শ্ৰমিক সকলক পুনৰ নিয়োগ কৰাৰ বাবে দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল । কিন্তু বহুবাৰ আবেদন-নিবেদন জনাইও কোনো সুফল লাভ নকৰাত আজিৰ পৰা পুনৰ প্ৰতিবাদ মুখৰ হৈ পৰিছে শ্ৰমিক সকল । অতিশীঘ্ৰে শ্ৰমিকসকলৰ প্ৰাপ্য মজুৰি আৰু সকলো সা-সুবিধা তথা নিয়োগ নিশ্চিত নকৰিলে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী হাতত লব বুলিও হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ।