Website Design: dastechnologies.in
নুমলীগড়ৰ সমীপৰ দিচৈ গাঁও পঞ্চায়তৰ। হাড়ক মাটি কৰি, তেজক পানী কৰি কৰা শ শ বিঘা বড়ো ধান কেঁচাতে কাটিবলগীয়া হৈছে কৃষকে। কিয়নো এলেংমাৰী বান্ধৰ ওপৰেৰে এতিয়া বৈছে ব্ৰহ্মপুত্ৰ নৈৰ বাঢ়নী পানী। চপৰা-চপৰে খহিছে নৈৰ পাৰ। এই এলেংমাৰী কৃষি বান্ধটো সময়মতে মেৰামতি নকৰাৰ বাবে এতিয়া নিকৰি, এলেংমাৰী, গুটুং, বৰতল, গৰৈমাৰিৰ প্ৰায় ৫০খন গাঁৱৰ শ শ বিঘা বড়ো ধানৰ খেতি বাঢ়নি পানীয়ে বুৰাই পেলায়। সেয়ে প্ৰতিকূল বতৰকো নেওচি কৃষকে কেঁচাতে কাটিবলগীয়া হৈছে বড়ো ধান। কৃষক সমাজৰ এই দুৰৱস্থাৰ বাবে স্থানীয় লোকে কৃষিমন্ত্ৰীৰ হেমাহিৰ কথা দোহৰাৰ লগতে উচিত পদক্ষেপ ল’বলৈ আহ্বান জনায় ৷