Local, Vocal, Global

Bypolls assembly constituencies in Assam :বঙাইগাঁওত অগপত প্রাৰ্থিত্বকেন্দ্রিক সংঘাত; অগপৰ সভাপতি-সম্পাদকৰ দল ত্যাগ

নিউজ ডেস্ক,১৯অক্টোবৰ : ৰাজ্যত উপ-নিৰ্বাচনৰ গৰম বতাহ।৫ সমষ্টিত হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে শাসক-বিৰোধী উভয়ে আৰম্ভ কৰিছে ৰাজনৈতিক কুচকাৱাজ। তাৰ সমান্তৰালভাৱে আৰম্ভ হৈছে ৫ সমষ্টিত প্রাৰ্থিত্বকেন্দ্রিক সংঘাত।

বিশেষকৈ বঙাইগাঁওত অগপত প্রাৰ্থিত্বকেন্দ্রিক সংঘাত। উপ-নিৰ্বাচনৰ পূৰ্বে বঙাইগাঁও অগপত লাগিল কেনা।বঙাইগাওঁ অগপৰ সভাপতি, সম্পাদককে ধৰি ৩৪ জনৰ পদত্যাগ। দল ত্যাগ সভাপতি বিজয় সিংহ, সম্পাদক শৈলেন সৰকাৰৰ।

প্ৰাৰ্থিত্বক কেন্দ্ৰ কৰি বঙাইগাঁও অগপত মুকলি বিদ্ৰোহ।

খবৰ অনুসৰি, বঙাইগাওঁ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীৰ পত্নী দিপ্তিময়ী চৌধুৰীক প্ৰাৰ্থিত্বল দিবলৈ আগবাঢ়িছে অসম গণ পৰিষদে।পিছে সমষ্টিটোৰ অগপ কৰ্মীসকলে দিপ্তিময়ী চৌধুৰীৰ প্ৰাৰ্থিত্বৰ বিৰোধিতা কৰিছে(Bypolls assembly constituencies in Assam )।

তেওঁলোকে কোনো কাৰণতে তেওঁক সমষ্টিটোত প্ৰাৰ্থি হিচাপে গ্ৰহণ নকৰে বুলি জনাইছে। এনে প্ৰাৰ্থিত্ব কেন্দ্ৰীক বিতৰ্কৰ মাজতেই আজি বঙাইগাওঁ অগপৰ সভাপতি, সম্পাদককে ধৰি মুঠ ৩৪ জনে পদত্যাগ কৰিছে।

লগতে পঢ়ক :Heartthrob Zubeen Garg reveals of shifting his residential address : কাহিলীপাৰাৰ পৰিৱৰ্তে খাৰঘুলি হ’ব হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ নতুন ঠিকনা