Local, Vocal, Global

AAP Assam formed new state committee : গঠন হ’ল আপৰ ৰাজ্যিক কমিটী;আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰৰ নেতৃত্বত গঠন হ’ল আপৰ নতুন কমিটী

নিউজ ডেস্ক,৫অক্টোবৰ : গঠন হ’ল আপৰ ৰাজ্যিক কমিটী।আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰৰ নেতৃত্বত গঠন হ’ল আপৰ নতুন কমিটী(AAP Assam formed new state committee)।

ৰাজ্যিক সভাপতি হিচাপে ধানোৱাৰে দায়িত্ব গ্ৰহণৰ ১৫ দিনৰ ভিতৰতে গঠন কৰিলে ৩৪ জনীয়া পূৰ্ণাংগ সমিতি।উজনি-নামনি, বৰাক- ব্ৰক্ষ্মপুত্ৰ উপত্যকা সামৰি গঠন হ’ল ৩৪ জনীয়া কমিটী।আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ উপৰি ২০২৬ চনত অনুষ্ঠিত হ’বলগীয়া বিধান সভা নিৰ্বাচনৰ পূৰ্বে আপৰ সাংগঠনিক ভেটি সুদৃঢ় ৰূপে গঢ়ি তুলিবলৈ উজনি, নামনি, বৰাক, ব্ৰহ্মপুত্ৰ উপত্যকাৰ সৰহসংখ্যক জিলাৰ পৰাই নতুন সমিতিত বিষয়ববীয়া অন্তৰ্ভুক্ত কৰা হৈছে(AAP state committee finally formed)।

নতুন সমিতিত সাধাৰণ সম্পাদক (প্ৰশাসন)ৰ দায়িত্বত ৰাজীৱ শইকীয়া।উপ সভাপতিৰূপে মামুন ইমদাদুল হক চৌধুৰী, সৌমিক সেনগুপ্ত, অনুৰূপা ডেকাৰজা।একেদৰে সাধাৰণ সম্পাদক পদত প্ৰাক্তন এ চি এছ পুনম গগৈ।মিডিয়া সমন্বয়কৰ দায়িত্বত আছে গুৰপ্ৰীত সিং উপ্পল।গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হৈছে ভিক্টৰ গগৈ আৰু ৰুদ্ৰাংকুৰ হাজৰিকা।আনহাতে জিএমচিৰ ৱাৰ্ড মেম্বাৰ মাছুমা বেগমক ৰাজ্যিক মহিলা বিভাগৰ দায়িত্ব অৰ্পণ।গৱেষণা আৰু বিশ্লেষণ বিভাগৰ দায়িত্বত লক্ষ্মীকান্ত ডুবে।

লগতে পঢ়ক :Poachers arrested in Kaziranga : কাজিৰঙাত আটক ৪টাকৈ চোৰাং চিকাৰীক