Local, Vocal, Global

Kaziranga National Park to reopen for tourists from October 1 : ১ অক্টোবৰৰ পৰা দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি কৰি দিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

নিউজ ডেস্ক,১১ছেপ্তেম্বৰ : ১ অক্টোবৰৰ পৰা দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি কৰি দিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ প্ৰথমবাৰৰ বাবে পৰ্যটকসকলে বুঢ়াপাহাৰ বনাঞ্চলখন উপভোগ কৰিবলৈ আন দুখন বনাঞ্চলতকৈ আধা ঘণ্টা অধিক সময় লাভ কৰিব ৷ ১ অক্টোবৰৰ পৰা ২০২৪-২৫ পৰ্যটন বৰ্ষৰ জীপ চাফাৰীৰ আৰম্ভণি হ’ব(Assam’s Kaziranga National Park to reopen for tourists from October 1)।

প্ৰথম অৱস্থাত উদ্যানখনৰ ৩খন বনাঞ্চল পৰ্যটকৰ বাবে আংশিকভাৱে মুকলি কৰা হ’ব। পৰ্যটকে দৰ্শন কৰিব পাৰিব কহঁৰা বনাঞ্চল, বুঢ়াপাহাৰ বনাঞ্চল আৰু বাগৰি বনাঞ্চলৰ কিছু অংশ।

কহঁৰাৰ কাজিৰঙা বনাঞ্চলত মিহিমুখৰ পৰা ডাফলাং হৈ ভৈচামাৰীলৈ পৰ্যটকে জীপ ছাফাৰী কৰিব পাৰিব। বাগৰী বনাঞ্চলত বিমলী তিনিআলিৰ পৰা ডোঙা লৈ জীপ ছাফাৰীৰ অনুমতি আৰু বুঢ়াপাহাৰ বনাঞ্চলৰ হেড কোৱাৰ্টাৰৰ পৰা ডিফলু এপিচিলৈকে পৰ্যটকে কৰিব পাৰিব ছাফাৰী ।

বাট-পথ মেৰামতি হৈ থকাৰ বাবে আংশিকভাৱে মুকলি কৰা হৈছে ৰাষ্ট্ৰীয় উদ্যানখন। ইতিমধ্যে বাট-পথ মেৰামতি আদি যাৱতীয় কাম কাজ অব্যাহত ৰাখিছে উদ্যান কৰ্তৃপক্ষই।

লগতে পঢ়ক : Assam Direct Recruitment Examination: ADREৰ তৃতীয় আৰু চতুৰ্থ বৰ্গক পৰীক্ষাক লৈ কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনাৱলী