Assam Direct Recruitment Examination: ADREৰ তৃতীয় আৰু চতুৰ্থ বৰ্গক পৰীক্ষাক লৈ কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনাৱলী
নিউজ ডেস্ক,১১ছেপ্তেম্বৰ : ADREৰ তৃতীয় আৰু চতুৰ্থ বৰ্গক পৰীক্ষাক লৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনাৱলী প্ৰকাশ।
নিৰ্দেশনাৱলী অনুসৰি(Assam Direct Recruitment Examination)
পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰৰ ভিতৰত প্ৰাৰ্থীৰ অভিভাৱক বা আন কোনো লোক প্ৰৱেশ কৰিব নোৱাৰিব৷
প্ৰাৰ্থীয়ে লগত নিব পাৰিব-
প্ৰাৰ্থীয়ে পৰীক্ষা দিবলৈ Admit Card আৰু নীলা বা ক’লা বল পেন, পেঞ্চিল, স্কেল, ইৰেজাৰ নিব পাৰিব।পৰিচয় পত্ৰ, ATM, ড্ৰাইভিং লাইচেন্স আৰু, নূন্যতম নগদ ধন লগত নিব পাৰিব।
ইয়াৰ বিপৰীতে প্ৰাৰ্থীয়ে লগত নিব নোৱাৰিব-
ম’বাইল ফোন , যিকোনো ধৰণৰ ইলেক্ট্ৰনিক সঁজুলি বা প্ৰগ্ৰেমে বল ডিভাইচ বা সংৰক্ষণ মাধ্যম ডিভাইচ যেনে স্মাৰ্ট ঘড়ী, স্বাস্থ্য বেণ্ড, ইলেক্ট্ৰনিক পেন/স্কেনাৰ, ব্লুটুথ ডিভাইচ, এয়াৰ ফোন, মাইক্ৰ’ফোন বা অন্য কোনো সামগ্ৰী নিব নোৱাৰিব পৰীক্ষা কেন্দ্ৰত৷ ইয়াৰ লগতে কেলকুলেটৰ, পেন ড্ৰাইভ, কাগজৰ টুকুৰা ইত্যাদি নিব নোৱাৰিব৷
উল্লেখ্য যে এইবাৰ পৰীক্ষাত ভুল উত্তৰৰ বাবে ঋণাত্মক নম্বৰ দিয়াৰ ব্যৱস্থা আছে ৷ পৰীক্ষাৰ OMRত চিহ্নিত কৰাৰ সময়ত প্ৰাৰ্থীসকলক সাৱধান হ’বলৈ পৰামৰ্শ ৷ কিয়তো OMRত ছীট এটাত কৈ অধিক নম্বৰত চিহ্নিত কৰিলে ভুল ঋণাত্মক নম্বৰ লাভ কৰিব৷
‘The Assam Public Examination Act, 2024’ৰ ধাৰা ১০(১) অনুসৰি পৰীক্ষাত যিকোনো নীতি উলংঘা কৰিলে তিনি বছৰলৈ জে’ল আৰু জৰিমনাৰ সন্মুখীন হ’ব৷