Local, Vocal, Global

CM made a big statement ahead of recruitment examination : ADREৰ তৃতীয় বৰ্গৰ নিযুক্তি সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য

নিউজ ডেস্ক,৮ছেপ্তেম্বৰ : ADREৰ তৃতীয় বৰ্গৰ নিযুক্তি সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য । ফেচবুক লাইভ যোগে শনিবাৰে গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে(CM made a big statement ahead of recruitment examination) ।

মুখ্যমন্ত্ৰীয়ে ফেচবুক লাইভ যোগে জনোৱা অনুসৰি ‘‘১৫ ছেপ্টেম্বৰত ADRE ৰ প্ৰথমটো পৰীক্ষা। ১১ লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব এইবাৰৰ নিযুক্তি পৰীক্ষাত। বিগত বৰ্ষত পৰীক্ষাৰ্থী কম আছিল বাবে চেণ্টাৰো কম আছিল। এইবাৰ চেণ্টাৰো বহুত, প্ৰত্যাহ্বানো বহুত। পৰীক্ষা সুন্দৰকৈ অনুষ্ঠিত কৰিবলৈ আমি প্ৰস্তুতি কৰিম। পৰীক্ষাত নকল কৰা বা পৰীক্ষাত নিয়মৰ বাহিৰত গৈ যিসকলে কপি কৰে তেওঁৰ লোকৰ বিৰুদ্ধে বিধানসভাত আমাৰ চৰকাৰে এখন আইন প্ৰণয়ন কৰিছে। পৰীক্ষাত নকল কৰা ব্যক্তিজনক গ্ৰেপ্তাৰ কৰাৰ ওপৰিও তেওঁৰ ঘৰুৱা সম্পত্তি জব্দ কৰাও এক দফা আছে এই আইনত। দুই-এদিনৰ ভিতৰতে এই আইনৰ বিষয়ে আমি বহুল প্ৰচাৰ কৰিম।’’

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ‘‘১৫ ছেপ্টেম্বৰৰ পৰীক্ষা নিকা হ’বলৈ আমাৰ বিষয়াসমূহে দিনেই-নিশাই কাম কৰিব লাগিব। মেধাৰ ভিত্তিত নিযুক্তিৰ বাবে সোঁতৰ বিপৰীতে গৈ আমি কাম কৰিছোঁ। পৰীক্ষা নিকা হওক, মেধাৰ ভিত্তিত চাকৰি পাওক। ১৫ ছেপ্টেম্বৰত শিক্ষাৰ্থীসকলেও পৰীক্ষা দিব, চৰকাৰেও এটা কঠিন পৰীক্ষাৰ সন্মুখীন হ’ব। আমি টেলিফোন নম্বৰ দিম। যদি পৰীক্ষাত কোনো বেআইনী কাম কৰাৰ খবৰ পায়, আপোনালোকে আমাক জনাওক।’’

লগতে পঢ়ক :Wild Elephant Dead : দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ