Local, Vocal, Global

BJP to start membership drive from Sept 1 : ১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব ‘সদস্যতা অভিযান’ কাৰ্যসূচী

নিউজ ডেস্ক,২২আগষ্ট : ১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব ‘সদস্যতা অভিযান’ কাৰ্যসূচী । শাসকীয় দল ভাৰতীয় জনতা পাৰ্টীৰ আৰম্ভ কৰিব এই কাৰ্যসূচী(BJP to start membership drive from Sept 1)।

দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো আৰম্ভ কৰিব এই অভিযানৰ । যাৰ বাবে ইতিমধ্যে দলটোৱে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে ।

‘সদস্যতা অভিযান’ কাৰ্যসূচীৰ লগত সংগতি ৰাখি অসম ৰাজ্যিক বিজেপিয়ে বশিষ্ঠস্থিত দলৰ মুখ্য কাৰ্যালয়ত এখন ৰাজ্যিক কৰ্মশালা অনুষ্ঠিত কৰে । উক্ত কৰ্মশালাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদী, সদস্যতা অভিযানৰ উত্তৰ-পূবৰ আহ্বায়ক ৰাজদ্বীপ ৰয়, সাধাৰণ সম্পাদক পল্লৱ লোচন দাসৰ লগতে দলীয় নেতা-কৰ্মীসকল উপস্থিত থাকে ।

উল্লেখ্য যে, এই অভিযানৰ মূল লক্ষ্য হৈছে ১০ কোটিৰো অধিক কৰ্মীক সংযুক্ত কৰা । এই অভিযানৰ ৪ টা পদ্ধতি ক্ৰমে মিছকল, কিউ আৰ ক’ড, নমো এপ আৰু BJP.org ৱেবচাইটৰ দ্বাৰা যিকোনো লোকে ভাৰতীয় জনতা পাৰ্টীৰ সদস্য পদ গ্ৰহণ কৰিব পাৰিব(BJP membership drive from Sept 1)।

লগতে পঢ়ক : Singer Rupa Millis father dead body found :অৱশেষত উদ্ধাৰ হ’ল জনপ্ৰিয় কণ্ঠশিল্পী ৰূপা মিলিৰ পিতৃৰ মৃতদেহ