A Tea Meeting Attended By PM Modi, Rahul Gandhi :সংসদ চৌহদত আয়োজিত চাহমেলত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধী তথা আন আন বিৰোধী দলৰ নেতাসকলৰ
নিউজ ডেস্ক,১০আগষ্ট : শুকুৰবাৰে লোকসভা সদন স্থগিত ৰখাৰ পিচত সংসদ চৌহদত আয়োজিত এক অনানুষ্ঠানিক চাহমেলত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধী তথা আন আন বিৰোধী দলৰ নেতাসকলে(PM Modi, Rahul Gandhi, and Opposition leaders attend ‘tea meeting’)।
বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে ৰাহুল গান্ধী তথা অন্যান্য বিৰোধী নেতাসকলৰ সৈতে শুভেচ্ছামূলক ভাব বিনিময় কৰা দেখা যায় । আনহাতে, লোকসভাত এই অনানুষ্ঠানিক বৈঠকৰ সময়ত ৰাহুল গান্ধীয়ে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক ইউক্ৰেইন আৰু গাজাৰ বৰ্তমান পৰিস্থিতি সন্দৰ্ভত প্ৰশ্ন সোধে ।
প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে উত্তৰত কয়, “ভাৰতে সমগ্ৰ পৰিস্থিতি অতি গভীৰভাৱে নিৰীক্ষণ কৰি আছে ।” উল্লেখ্য যে, সংসদৰ চলিত অধিৱেশন ১২ আগষ্টত সমাপ্ত হোৱাৰ কথা আছিল । কিন্তু শুকুৰবাৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই দুয়ো সদন অনিৰ্দিষ্ট কালৰ বাবে স্থগিত ঘোষণা কৰে । পৰম্পৰাগতভাৱে দুয়োখন সদন স্থগিত হোৱাৰ পিচত লোকসভাৰ অধ্যক্ষই সংসদত থকা সকলো ৰাজনৈতিক দলৰ নেতাসকলক এক পৰম্পৰাগত চাহমেলৰ বাবে আমন্ত্ৰণ জনায় ।
শাসকীয় দলৰ হৈ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু, কিঞ্জাৰাপু ৰামমোহন নাইডু, চিৰাগ পাছোৱান, পীয়ুষ গোৱেলৰ লগতে সাংসদ সুদীপ বেনাৰ্জী আৰু কানিমোঝিক চাহমেলত উপস্থিত থকা দেখা যায় । ইয়াৰ পূৰ্বে ওম বিৰলাই অধিবেশনৰ কাৰ্যক্ৰমৰ এক বিতং বিৱৰণ প্ৰদান কৰে । তাত উল্লেখ কৰা হৈছে সদ্যসমাপ্ত অধিৱেশনত মুঠ ১১৫ ঘণ্টাজুৰি ১৫ খন বৈঠক অনুষ্ঠিত হয়(A Tea Meeting Attended By PM Modi, Rahul Gandhi)।
উল্লেখ্য যে, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ২৩ জুলাইত ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেট উপস্থাপন কৰে । ইয়াৰ ওপৰত ২৭ ঘণ্টা ১৯ মিনিট ধৰি আলোচনা চলে । বিৰলাই লগতে উল্লেখ কৰে যে অধিবেশনৰ সময়ত ১২ খন চৰকাৰী বিধেয়ক উত্থাপন কৰা হয় আৰু চাৰিখন লোকসভাত গৃহীত হয় । তেওঁ অধিৱেশনৰ গঠনমূলক ফলাফলৰ প্ৰশংসা কৰে । এইবাৰ এই ফলাফল হৈছে উল্লেখনীয়ভাৱে ১৩৬ শতাংশ ।
লগতে পঢ়ক : Assam minister Atul Bora meets Mizoram CM : মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুহোমাক সাক্ষাৎ মন্ত্ৰী অতুল বৰাৰ