Local, Vocal, Global

Hemant Soren takes oath as Jharkhand CM for third time : পুনৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে হেমন্ত ছোৰেনে

নেশ্যনেল ডেস্ক,৪জুলাই : পুনৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে হেমন্ত ছোৰেনে ৷ বৃহস্পতিবাৰে ৰাজভৱনৰ বীৰছা মণ্ডপত মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে হেমন্ত ছোৰেনে ৷ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে হেমন্ত ছোৰেনক শপতবাক্য পাঠ কৰোৱায় ৷

জে এম এম নেতা চম্পাই ছোৰেনে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ এদিনৰ পিচত হেমন্ত ছোৰেনে তৃতীয়বাৰৰ বাবে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ৷

ভূমি কেলেংকাৰীত গ্ৰেপ্তাৰ হোৱাৰ পূৰ্বেই মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰি হেমন্ত ছোৰেনে মুখ্যমন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰিছিল চম্পাই ছোৰেনক। বুধবাৰে চম্পাই ছোৰেনে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰাৰ পিছত আজি পুনৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে হেমন্ত ছোৰেনে(Hemant Soren takes oath as Jharkhand CM for third time)।

উল্লেখ্য যে, যোৱা ৩১ জানুৱাৰীত ইডিয়ে সাত ঘণ্টাৰো অধিক সোধপোছৰ অন্তত হেমন্ত ছোৰেনক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পূৰ্বেই হেমন্ত ছোৰেনে ৰাজভৱনলৈ গৈ পদত্যাগ পত্ৰ দাখিল কৰিছিল।হেমন্ত ছোৰেনৰ পদত্যাগৰ পাছত ঝাৰখণ্ড মুক্তি মৰ্চাৰ বিধায়ক দলৰ নেতা হিচাপে চম্পাই ছোৰেন নিৰ্বাচিত হৈছিল। ৫ ফেব্ৰুৱাৰীত তেওঁ ৪৭ গৰাকী বিধায়কৰ সমৰ্থনত বিধানসভাত সংখ্যাগৰিষ্ঠতাৰ প্ৰমাণ দাঙি ধৰে আৰু ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত লয়।

লগতে পঢ়ক : Dead body recovered : অৱশেষত উদ্ধাৰ হ’ল কাজিৰঙাৰ বানত সন্ধানহীন যুৱকৰ মৃতদেহ