Local, Vocal, Global

Veteran BJP leader LK Advani admitted to AIIMS in Delhi : বিজেপিৰ জ্যেষ্ঠ তথা প্ৰবীণ নেতা লালকৃষ্ণ আদৱানি অসুস্থ

নিউজ ডেস্ক,২৭জুন : ভাৰতীয় জনতা পাৰ্টী চমুকৈ বিজেপিৰ জ্যেষ্ঠ তথা প্ৰবীণ নেতা লালকৃষ্ণ আদৱানি অসুস্থ। দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছ (এইমছ)ত ভৰ্তি কৰোৱা হৈছে লালকৃষ্ণ আদৱানিক।শাৰিৰীক অসুস্থতাজনিত কাৰণত আজি পুৱাৰ ভাগত ভৰ্তি কৰোৱা হয় এইমছত(Veteran BJP leader LK Advani admitted to AIIMS in Delhi)।

বৰ্তমান স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জনাইছে চিকিৎসকে। কিন্তু চিকিৎসকৰ নিৰীক্ষণত আছে বৰ্ষীয়ান নেতাজন।

চলিত বৰ্ষৰ ৩০মাৰ্চত ৯৬বছৰীয়া লালকৃষ্ণ আদৱানিক ভাৰত ৰত্ন সন্মান প্ৰদান কৰা হৈছিল। ১৯৮০চনত ভাৰতীয় জনতা পাৰ্টীৰ অন্যতম প্ৰতিষ্ঠাপক লালকৃষ্ণ আদৱানিৰ অসুস্থতাৰ বাতৰি পোৱাৰ লগে লগে অগণন গুণমুগ্ধই হাস্পতালত ভিৰ কৰে। ১৯৮৯চনত নতুন দিল্লী লোকসভা সমষ্টিৰ পৰা প্ৰথমবাৰলৈ প্ৰতিদ্বন্দ্বিতা কৰি নিৰ্বাচিত হৈছিল লালকৃষ্ণ আদৱানি। অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰটো অন্যতম ভূমিকা আছে প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী লালকৃষ্ণ আদৱানিৰ।

RSSৰ প্ৰচাৰক হিচাপে সেৱা আগবঢ়াইছিল লালকৃষ্ণ আদৱানিয়ে। বিজেপিৰ উত্থানৰ আঁৰৰ অন্যতম ব্যক্তি লালকৃষ্ণ আদৱানি। লালকৃষ্ণ আদৱানিৰ নেতৃত্বতে বিজেপি দলৰ উত্থান হৈছিল ভাৰতত। দেশজুৰি কেইবাটো ৰথ যাত্ৰাৰ নেতৃত্ব দিছিল লালকৃষ্ণ আদৱানিয়ে। বাজপেয়ী চৰকাৰৰ দ্বিতীয় কাৰ্যকালত গৃহমন্ত্ৰীৰ দায়িত্ব লালকৃষ্ণ আদৱানি। ১৯৯৮–১৯৯৯চনৰ কাৰ্যকালত প্ৰথম গৃহমন্ত্ৰীৰ দায়িত্ব আছিল লালকৃষ্ণ আদৱানি। গৃহমন্ত্ৰী হৈ থকা অৱস্থাতে উপ প্ৰধানমন্ত্ৰীৰ দায়িত্ব লাভ কৰিছিল লালকৃষ্ণ আদৱানিয়ে(Veteran BJP leader LK Advani admitted to AIIMS in Delhi)।

লগতে পঢ়ক : Cylinder explosion in Fancy Bazar : মহানগৰীৰ ফাঁচী বজাৰত চিলিণ্ডাৰ বিস্ফোৰণ;নিহত এজন,আহত ৮জন শ্ৰমিক