Local, Vocal, Global

Bullet recovered in Sivasagar : ঘৰৰ ভিতৰৰ পৰা উদ্ধাৰ বন্দুকৰ গুলী

নিউজ ডেস্ক,১জুন : শিৱসাগৰ জিলাত চাঞ্চল্য ঘটনা । শিৱসাগৰ জিলাৰ চেৰেকাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত পানীবিলত উদ্ধাৰ এটা বন্দুকৰ গুলী । নাজিৰাৰ পানীবিলৰ লিলি ফুকন নামৰ লোকজনৰ ঘৰৰ পৰা উদ্ধাৰ হয় বন্দুকৰ গুলীটো(Bullet recovered in Sivasagar) ।

ঘটনা বিৱৰণি অনুসৰি, শুকুৰবাৰে বিয়লি লিলি ফুকনৰ ঘৰৰ টিনপাত ভেদি গুলীটো ঘৰটোৰ মজিয়াত সৰি পৰে ৷ যাৰ ফলত টিনপাত ফুটা হয় ৷ লগতে গুলীটোৱে টিনপাতৰ তলৰ কাঠৰ চিলিং আৰু কোঠাটোত থকা এখন টেবুলো ফুটা হয় বুলি জানিবলৈ দিয়ে পৰিয়ালটোৱে ।

অৱশ্যে ক’ৰ পৰা কিদৰে ঘৰৰ টিনপাত ফুটা কৰি ঘৰৰ ভিতৰত বন্দুকৰ গুলী আহি পৰিল, তাক লৈ চিন্তিত হৈ পৰিছে শিৱসাগৰৰ পানীবিল নিবাসী এই পৰিয়ালটো । গুলীটো উদ্ধাৰৰ পাচতে এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত ৷

ইতিমধ্যে ঘটনা সন্দৰ্ভত স্থানীয় চেৰেকাপাৰ আৰক্ষী চকীত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে । আৰক্ষীৰ তদন্তৰ পিছতে সমগ্ৰ ঘটনা পোহৰলৈ আহিব ।

লগতে পঢ়ক: China’s Ambassador-designate to India commits to strengthening bilateral relationsa : ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ চীনৰ ৰাষ্ট্ৰদূত জু ফেইহঙৰ