Local, Vocal, Global

China’s Ambassador-designate to India commits to strengthening bilateral relationsa : ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ চীনৰ ৰাষ্ট্ৰদূত জু ফেইহঙৰ

নিউজ ডেস্ক,১জুন : ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ চীনৰ ৰাষ্ট্ৰদূত জু ফেইহঙৰ । ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক ভাৰতত মনোনীত চীনৰ ৰাষ্ট্ৰদূত জু ফেইহঙে সাক্ষাৎ কৰি বৈঠকত মিলিত হয় । লগতে ৰাষ্ট্ৰপতিৰ সন্মানাৰ্থে বিশ্বাস-পত্ৰ প্ৰদান কৰে ।

ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ চীনৰ ৰাষ্ট্ৰদূত জু ফেইহঙৰ এই বৈঠকত চীন আৰু ভাৰতৰ মাজত শক্তিশালী সম্পৰ্ক গঢ়ি তোলাৰ প্ৰতি জু ফেইহঙে প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

বৈঠকত ৰাষ্ট্ৰদূত মনোনীত জু ফেইহঙে কয় “ৰাষ্ট্ৰপতি ভৱনত ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীক বিশ্বাস-পত্ৰ প্ৰদান কৰি মই সন্মানিতবোধ কৰিছো আৰু চীন-ভাৰত সম্পৰ্কৰ ওপৰত বন্ধুত্বপূৰ্ণ আলোচনা কৰো । চীন-ভাৰত সম্পৰ্কৰ উন্নতি আৰু বিকাশত মই মোৰ যথাযথ অৱদান আগবঢ়াম(China’s Ambassador-designate to India commits to strengthening bilateral relations) ।”

উল্লেখ্য যে, শুকুৰবাৰে ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত সাতখন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক তেঁলোকৰ বিশ্বাস-পত্ৰ (credentials) প্ৰদান কৰে । ৰাষ্ট্ৰপতি মুৰ্মুৰ ওচৰত তেওঁলোকৰ বিশ্বাস-পত্ৰ প্ৰদান কৰাসকলৰ ভিতৰত আছে ভাৰতত ইকুৱেডৰৰ ৰাষ্ট্ৰদূত ফাৰ্নাণ্ডো জেভিয়াৰ বুচেলি ভাৰ্গাছ, ভাৰতত ব্ৰিটেইনৰ ৰাষ্ট্ৰদূত লিণ্ডি এলিজাবেথ কেমেৰুন, ভাৰতত কুৱেইটাৰ ৰাষ্ট্ৰদূত মেশ্বাল মুস্তাফা জে আলশ্বেমেলি, ভাৰতত নিউজীলেণ্ডৰ উচ্চায়ুক্ত জেট্ৰিক জন ৰাটা, ভাৰতত গিনিৰ ৰাষ্ট্ৰদূত আলাছেন কণ্টে, ভাৰতত ফিজিৰ উচ্চায়ুক্ত জগনাথ স্বামী, ভাৰতত চীনৰ ৰাষ্ট্ৰদূত জু ফেইহং । ৰাষ্ট্ৰপতি ভৱনৰ সূত্ৰত এই কথা প্ৰকাশ ।

আনহাতে, ৰাষ্ট্ৰপতি ভৱনৰ অফিচিয়েল এক্স পোষ্টত কোৱা হৈছে, “ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ইকুৱেডৰ গণৰাজ্যৰ ৰাষ্ট্ৰদূত ফাৰ্নাণ্ডো জেভিয়াৰ বুচেলি ভাৰ্গাছ; লিণ্ডি এলিজাবেথ কেমেৰুন, ব্ৰিটেইনৰ উচ্চায়ুক্ত; কুৱেইটৰ ৰাষ্ট্ৰদূত মেশ্বাল মুস্তাফা জে আলশ্বেমেলি আৰু পেট্ৰিক জন ৰাটা, ৰাষ্ট্ৰপতি ভৱনত নিউজীলেণ্ডৰ উচ্চায়ুক্তৰ পৰা বিশ্বাস-পত্ৰ গ্ৰহণ কৰে ।”

“ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে গিনি গণৰাজ্যৰ ৰাষ্ট্ৰদূত আলাছানে কণ্টে; ফিজি গণৰাজ্যৰ উচ্চায়ুক্ত জগন্নাথ স্বামী আৰু ৰাষ্ট্ৰপতি ভৱনত চীনৰ ৰাষ্ট্ৰদূত জু ফেইহঙৰ পৰা বিশ্বাস-পত্ৰ লাভ কৰে ।” ইয়াত লগতে কোৱা হৈছে ।

লগতে পঢ়ক : Kokrajhar father son buried in pond : পুখুৰীত পৰি সলিল সমাধি পিতা-পুত্ৰৰ