Local, Vocal, Global

Yemen’s Houthis ‘attack’ US carrier after deadly strikes : আমেৰিকাৰ বিমান কেৰিয়াৰৰ ওপৰত আক্ৰমণ হুথি বিদ্ৰোহীৰ

ইণ্টাৰনেশ্যনেল ডেস্ক,১জুন : আমেৰিকাৰ বিমান কেৰিয়াৰৰ ওপৰত আক্ৰমণ হুথি বিদ্ৰোহীৰ । য়েমেনত আমেৰিকা আৰু ব্ৰিটেইনৰ ভয়াৱহ আক্ৰমণৰ প্ৰতিশোধৰূপে আমেৰিকাৰ বিমান কেৰিয়াৰৰ ওপৰত আক্ৰমণ হুথি বিদ্ৰোহীৰ(Yemen’s Houthis ‘attack’ US carrier after deadly strikes)।

আল জাজিৰাৰ বাতৰি অনুসৰি, য়েমেনৰ হুথি বিদ্ৰোহীসকলে কয় যে তেওঁলোকে য়েমেনত শেহতীয়া আক্ৰমণৰ প্ৰতিশোধ স্বৰূপে লোহিত সাগৰত আমেৰিকাৰ বিমান পৰিবহণৰ ওপৰত মিছাইল আক্ৰমণ চলাইছে ।

ইফালে হুথিৰ সামৰিক মুখপাত্ৰ য়াহিয়া ছাৰীয়ে শুকুৰবাৰে আইজেনহাৱাৰ কেৰিয়াৰৰ ওপৰত আক্ৰমণৰ কথা ঘোষণা কৰে । আনহাতে, দলটোৱে পূৰ্বতে দাবী কৰিছিল যে য়েমেনৰ হোদেইদাহ প্ৰদেশত আমেৰিকা আৰু ব্ৰিটেইনৰ আক্ৰমণত কমেও ১৬ জন লোক নিহত হৈছিল ।

আনহাতে, হুথি নিয়ন্ত্ৰিত চেনেল আল মাচিৰাহ টেলিভিছনে হোদেইদাত আহত নাগৰিকসকলক চিকিৎসা প্ৰদান কৰাৰ দৃশ্য সম্প্ৰচাৰ কৰে আৰু তাত বৃহস্পতিবাৰৰ আক্ৰমণৰ ভয়াৱহতা প্ৰকাশ পায় । উক্ত আক্ৰমণত কমেও ৪২ জন লোক আহত হোৱাৰ খবৰ পোৱা গৈছে ।

“আমেৰিকান-ব্ৰিটিছ আক্ৰমণে আমাক পেলেষ্টাইনৰ সমৰ্থনত আমাৰ সামৰিক অভিযান অব্যাহত ৰখাত বাধা প্ৰদান নকৰে ।” হুথি বিষয়া মহম্মদ আল-বুখাইটিয়ে এক্সত এই কথা উল্লেখ কৰি কয় যে বিদ্ৰোহীসকলে হুলেৰে হুল কাঢ়িব ।

আনহাতে, আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ডে (চেণ্টকম) জনাইছে যে ১৩ টা হুথি লক্ষ্যত হোৱা আক্ৰমণৰ ফলত য়েমেনৰ হুথি নিয়ন্ত্ৰিত অঞ্চল আৰু লোহিত সাগৰৰ ওপৰেৰে আঠখন আনক্ৰুড এৰিয়েল ভেহিকল (ইউ এ ভি) ধ্বংস হৈছে । আল জাজিৰাৰ সূত্ৰত এই কথা প্ৰকাশ ।

ইফালে, ব্ৰিটিছ প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে ৰয়েল এয়াৰ ফ’ৰ্চ টাইফুন এফ জি আৰ৪-এ হোদেইদাহ আৰু ঘুলাইফিকাত আক্ৰমণ চলাইছিল । এই আক্ৰমণৰ লক্ষ্যবোৰক ‘হাউচিং ড্ৰোন গ্ৰাউণ্ড কণ্ট্ৰোল সুবিধা’ হিচাপে চিনাক্ত কৰা অট্টালিকা আৰু অতি দীঘলীয়া দূৰত্বৰ ড্ৰোনৰ লগতে ভূমিৰ পৰা আকাশলৈ নিক্ষেপ কৰিব পৰা অস্ত্ৰ ভাণ্ডাৰ বুলি উল্লেখ কৰে ।

ইয়াৰ উপৰি ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি ছুনকে এই সামৰিক পদক্ষেপক ‘হুথিসকলে সৃষ্টি কৰা প্ৰচলিত ভাবুকিৰ সন্মুখীন হৈ কৰা আত্মৰক্ষা’ হিচাপে আত্মপক্ষ সমৰ্থন কৰে ।

লগতে পঢ়ক : Bullet recovered in Sivasagar : ঘৰৰ ভিতৰৰ পৰা উদ্ধাৰ বন্দুকৰ গুলী