Lok Sabha Election 2024 Phase 3 : তৃতীয় তথা অন্তিম পৰ্যায়ত অসমত অভিলেখ সংখ্যক ভোটদান

নিউজ ডেস্ক,৮মে’ : সমাপ্ত হ’ল তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন । মঙলবাৰে অসমৰ চাৰিটা সমষ্টি গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰত সম্পন্ন হয় তৃতীয় পৰ্যায় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ ৷ তাৰপিচতে এক অভিলেখ সংখ্যক হাৰত দেশৰ ভিতৰতে সৰ্বাধিক হাৰত ভোটদান হয় অসমত । তৃতীয় পৰ্যায়ত ৮১.৬১ শতাংশ ভোটদানৰ হাৰেৰে দেশৰ ভিতৰতে শীৰ্ষত অসম। সমগ্ৰ দেশত তৃতীয় পৰ্যায়ত ভোটদানৰ হাৰ হৈছে ৬৪.৫৮ শতাংশ(Lok Sabha Election 2024 Phase 3 Highlights) ।
চাৰিটা সমষ্টিৰ ভিতৰত বৰপেটাত ৮১.০৭%, ধুবুৰীত ৮৬.৮০%, গুৱাহাটীত ৭৫.৬৭% আৰু কোকৰাঝাৰত ৮০.৪৪% ভোটদান হয় । চাৰিওটা সমষ্টিৰ ভিতৰত ধুবুৰী সমষ্টিত সৰ্বাধিক ৮৬.৮০ শতাংশ ভোটদান হয় ৷
উল্লেখ্য যে এইবাৰ প্ৰতিকূল বতৰৰ মাজতো ভাঙি ভোট দিবলৈ ওলাই আহিল ৰাইজ। ভোটদানৰ পাচত নিশা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৪ টা সমষ্টিক লৈ সামাজিক মাধ্যমযোগে মতামত প্ৰকাশ কৰিছে ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে দাবী কৰিছে, “আজিৰ ভোটদানৰ পৰা জনা গৈছে যে, এতিয়ালৈকে আটাইকেইটা পৰ্যায়ৰ নিৰ্বাচনত এন ডি এয়ে সৰ্বোত্তম গতি ধৰি ৰাখিবলৈ সক্ষম হৈছে । অসমত হৈ যোৱা চাৰিটা সমষ্টিৰ ভোটগ্ৰহণত এন ডি এয়ে ৩ খন আসনত জয় লাভ কৰিব । চতুৰ্থখন আসনত প্ৰতিদ্বন্দ্বিতা হ’ব আৰু এয়া নিশ্চিত”(Lok Sabha Election 2024 Phase 3) ৷
ইফালে, তৃতীয় পৰ্যায়ত বিহাৰত ভোটদানৰ হাৰ ৫৮.১৮ শতাংশ। ছত্তীশগড়ত ভোটদানৰ হাৰ ৭১.০৬ শতাংশ, গোৱাত ৭৫.২০ শতাংশ, গুজৰাটত ভোটদানৰ হাৰ ৫৮.৯৮ শতাংশ। একেদৰে কৰ্ণাটকত ভোটদানৰ হাৰ ৭০.৪১ শতাংশ, মধ্য প্ৰদেশত ভোটদানৰ হাৰ ৬৬.০৫ শতাংশ, মহাৰাষ্ট্ৰত ভোটদানৰ হাৰ ৬১.৪৪ শতাংশ, উত্তৰ প্ৰদেশত ভোটদানৰ হাৰ ৫৭.৩৪ শতাংশ আৰু পশ্চিম বংগত ভোটদানৰ হাৰ ৭৫.৭৯ শতাংশ।
লগতে পঢ়ক : Swine flu outbreak in Assam : কাছাৰত ছোৱাইন ফ্লুত আক্রান্ত হৈ মৃত্যু ৪ মহীয়া শিশুৰ