Local, Vocal, Global

Seven Hundred Minorities join bjp in Chirang : চিৰাঙত বিজেপিত যোগদান সাতশৰো অধিক সংখ্যালঘূৰ

নিউজ ডেস্ক, ২৪ এপ্ৰিল : কংগ্ৰেছত ব্যাপক খহনীয়া । লোকসভাৰ নিৰ্বাচনৰ মাজতে কংগ্ৰেছত দেখা দিছে খহনীয়তাই । এইবাৰ কংগ্ৰেছ নেতাৰ বিজেপিত যোগদান। কংগ্ৰেছী নেতা-কৰ্মীৰ বিজেপিত যোগদানক লৈ এতিয়া কংগ্ৰেছৰ ভিতৰচৰাত সৃষ্টি কৰিছে জোকাৰণিৰ(Seven Hundred Minorities join bjp in Chirang) ।

লোকসভা নিৰ্বাচনৰ মাজতে কংগ্ৰেছত আন এক মুখ্যম আঘাত । বিজেপিত যোগদান কৰে কংগ্ৰেছৰ নেতা-কৰ্মী ।

এইবাৰ চিৰাং জিলাৰ বিজনীত কংগ্ৰেছত অব্যাহত খহনীয়া। সোমবাৰে চিৰাং জিলাৰ বিজনীত বিজেপিয়ে এক যোগদান সভা অনুষ্ঠিত কৰে ৷

এই যোগদান সভাত উপস্থতি থাকে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা পাটাছাৰকুছি সমষ্টিৰ বিধায়ক ৰণজিৎ দাস ৷ মন্ত্ৰীগৰাকীৰ উপস্থিতিত প্ৰায় সাতশৰো অধিক সংখ্যালঘু লোকে বিজেপিত যোগদান কৰে ৷ চিৰাং জিলা বিজেপিৰ উদ্যোগত আৰু থুৰিবাৰী মণ্ডল বিজেপিৰ সহযোগত অনুষ্ঠিত হোৱা এই যোগদান কাৰ্যসূচীত বাগৰগাঁও ভিচিডিচিৰ বিভিন্ন প্ৰান্তৰ পৰা অহা এই সংখ্যালঘু লোকসকলে গেৰুৱা বসন পৰিধান কৰে ৷

চিৰাং জিলা বিজেপিৰ সভাপতি ৰতন চন্দ্ৰ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত উক্ত যোগদান সভাত কেবিনেট মন্ত্ৰীগৰাকীৰ উপৰিও বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়, বিটিআৰৰ উপাধ্যক্ষ অভিৰাম মহানায়ক, পাৰিষদ প্ৰদীপ কুমাৰ বায়নসহ কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷

উল্লেখ্য যে, এই যোগদান কাৰ্যসূচীৰ জৰিয়তে বিজেপিত অন্তৰ্ভূক্ত হোৱা সংখ্যালঘূ লোকসকলৰ অধিকাংশই পূৰ্বে বিপিএফ দলৰ সদস্য আছিল ৷

লগতে পঢ়ক : Massive fire breaks out at Digaru : বিয়াৰ আনন্দ উল্লাহৰ মাজতে বিধ্বংসী অগ্নিকাণ্ড; ভস্মীভূত বিবাহৰ বাবে অনা সকলো সা-সামগ্ৰী