Local, Vocal, Global

BJP candidate from UP’s Moradabad Kunwar Sarvesh Singh passes away : প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পাছদিনাই মৃত্যু বিজেপিৰ প্ৰাৰ্থীৰ

নেশ্যনেল ডেস্ক,২১ এপ্ৰিল : লোকসভা নিৰ্বাচনৰ মাজতে এক মৰ্মান্তিক ঘটনা। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পাছদিনাই মৃত্যু বিজেপিৰ প্ৰাৰ্থীৰ ।

শনিবাৰে সন্ধিয়া প্ৰায় ৬:৩০ বজাত উত্তৰ প্ৰদেশৰ মোৰাদাবাদৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী কুঁৱৰ সৰ্বেশ সিঙৰ মৃত্যু হয়। শুকুৰবাৰে মোৰাদাবাদত অনুষ্ঠিত হৈছিল নিৰ্বাচন। কিছুদিন ধৰি অসুস্থ হৈ থকা ৭২ বছৰীয়া কুঁৱৰ সৰ্বেশ সিং। হাৰ্ট এটেকত আক্ৰান্ত হৈ দিল্লীৰ AIIMSত মৃত্যু হয় প্ৰাৰ্থীগৰাকীৰ। ৭২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে জ্যেষ্ঠ ৰাজনৈতিক নেতাগৰাকীয়ে(BJP candidate from UP’s Moradabad Kunwar Sarvesh Singh passes away)।

ইউ পি বিজেপিৰ মুৰব্বী ভূপেন্দ্ৰ চৌধুৰীয়েও পিটিআইক কয়, “কুঁৱৰ সৰ্বেশ কুমাৰৰ ডিঙিত কিছু সমস্যা হৈছিল আৰু অপাৰেচন কৰিবলগীয়া হৈছিল। ১৯ এপ্ৰিলত চিকিৎসাৰ বাবে এইমছলৈ গৈছিল।”

উল্লখ্য যে, উত্তৰ প্ৰদেশৰ মোৰাদাবাদ আসনৰ বাবে শুকুৰবাৰে প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হয়।প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ১৯ এপ্ৰিলত পশ্চিম উত্তৰ প্ৰদেশৰ ৮খন আসনত ৬০ শতাংশতকৈ অধিক ভোটদান হৈছিল, য’ত যদি আমি মোৰাদাবাদৰ কথা কওঁ তেন্তে তাত ৬০.৬০% ভোটদান হৈছিল।২০০৯ চনৰ লোক সভা নিৰ্বাচন মহম্মদ আজাৰুদ্দিনৰ হাতত পৰাস্ত হৈছিল সৰ্বেশ সিং। আনহাতে ২০১৪ চনত সৰ্বেশ সিং সাংসদ নিৰ্বাচিত হৈছিল। স্বাধীনতা পিছত মোৰাদাবাদ চহৰৰ পৰা জয়ী হোৱা প্ৰথম BJP সাংসদ আছিল সৰ্বেশ সিং(BJP candidate from UP’s Moradabad Kunwar Sarvesh Singh dies day after polling)।

লগতে পঢ়ক : Fire Breaks out in luxury vehicle on Duliajan : ৰাজপথতে জ্বলি উঠিল এখন বিলাসী বাহন