Pregnant Woman Allegedly Assaulted By Doctor at GMCH : GMCH ত গৰ্ভৱতী মহিলাক নিৰ্মনভাৱে প্ৰহাৰ চিকিৎসকৰ
নিউজ ডেস্ক, ১৮ এপ্ৰিল : গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চাঞ্চল্যকৰ ঘটনা ।
এইবাৰ গৰ্ভৱতী মহিলাক নিৰ্মনভাৱে প্ৰহাৰ কৰাৰ অভিযোগ চিকিৎসকৰ বিৰুদ্ধে ।বৰ্তমান এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত(Pregnant Woman Allegedly Assaulted By Doctor at GMCH) ।
প্ৰসূতি ৰোগীক নিৰ্যাতনৰ অভিযোগ উত্থাপিত হৈছে ডাঃ অভিষেক মহাজন নামৰ এজন চিকিৎসকৰ বিৰুদ্ধে । জানিব পৰা মতে, বুধবাৰে GMCH ত ভৰ্তি কৰোৱা হৈছিল গৰ্ভৱতী প্ৰসূতি গৰাকীক ।
বৰ্তমান এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ লগে লগে চিকিৎসা কৰ্তৃপক্ষই এখন তদন্ত সমিতি গঠন কৰি দিয়াৰ কথা ঘোষণা কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত সমিতি খনক ২৪ ঘণ্টাৰ ভিতৰত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ প্ৰদান কৰিছে(Pregnant Woman Allegedly Assaulted By Doctor At GMCH) ।