Local, Vocal, Global

Sensational Incident : পিতা-পুত্ৰই চোকা অস্ত্ৰৰে হানি -খুচি হত্যা কৰিলে ককায়েকক

কৰিমগঞ্জ, ১৮ এপ্ৰিল : পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি । পাৰিবাৰিক কন্দলৰ বাবে ভাতৃয়ে হত্যা কৰিলে ককায়েকক ।

ৰাজ্যত পুনৰ লোমহৰ্ষক হত্যাকাণ্ড ।পিতা-পুত্ৰই চোকা অস্ত্ৰৰে হানি -খুচি হত্যা কৰিলে ককায়েকক ।

ৰাজ্যত দিনক দিনে বৃদ্ধি পাব ধৰিছে হত্যাকাণ্ডৰ ঘটনা( Murder case) । ৰাজ্যত পুনৰ এক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে । সঘনাই ৰাজ্যত ইটোৰ পিছত সিটো হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে । শেহতীয়াকৈ সংঘটিত কেইবাটাও এনে হৃদয় বিদাৰক হত্যাকাণ্ডই সমাজত মানুহৰ অপৰাধৰ প্ৰৱণতা যে বৃদ্ধি পাইছে তাকে প্ৰতিফলিত কৰিছে ।

হিংসা , হত্যা, ধৰ্ষণেৰে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম । কোনোবাখিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে(Sensational Incident) । হত্যা, হিংসাই এক অস্থিৰ পৰিৱেশৰ সূচনা কৰা ৰাজ্যত পুনৰ সংঘটিত হ’ল আন এক জঘণ্য হত্যাকাণ্ড।

এইবাৰ কৰিমগঞ্জত সংঘটিত হৈছে গা নোম শিৱৰি উঠা ঘটনা । কৰিমগঞ্জত ভাতৃ আৰু ভতিজাই হানি খুচি হত্যা কৰিলে ককায়েকক ।

বৃহস্পতিবাৰে কৰিমগঞ্জ জিলাৰ কালিগঞ্জ থানাৰ অন্তৰ্গত দেওকুৰি গাঁৱত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ডৰ ঘটনা ।

জানিব পৰা মতে, এই ভয়ংকৰ হত্যাকাণ্ড সংঘটিত কৰিয়ে পলায়ন কৰে আব্দুছ ছাত্তাৰ আৰু তেওঁৰ ৩ পুত্ৰ ।তছিৰ আলী নামৰ লোকজনক হত্যাৰ অভিযোগ উত্থাপিত হৈছে পিতা-পুত্ৰৰ বিৰুদ্ধে ।
পলাতক কেইজন বিলাল উদ্দিন, বাহাৰ উদ্দিন আৰু নিজামুদ্দিন বুলি চিনাক্ত কৰা হৈছে ।

পাৰিবাৰিক সংঘাতৰ পৰিণতিতে এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ ।

এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ পিছতে কৰিমগঞ্জ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ ।

লগতে পঢ়ক : Pregnant Woman Allegedly Assaulted By Doctor at GMCH : GMCH ত গৰ্ভৱতী মহিলাক নিৰ্মনভাৱে প্ৰহাৰ চিকিৎসকৰ