Local, Vocal, Global

Priyanka Gandhi Vadra To Campaign For Gaurav Gogoi In Assam On April 16 : নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্য কাইলৈ অসমলৈ আহিব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰা

নিউজ ডেস্ক,১৫ এপ্ৰিল : কাইলৈ অসমলৈ আহিব কংগ্ৰছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰা । নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্য অসমলৈ আহিব কংগ্ৰছ নেত্ৰী গৰাকী ।

মঙলবাৰে পুৱা ১০ বাজি ৪৫ মিনিটত কংগ্ৰছ নেত্ৰেী প্ৰিয়ংকা গান্ধী ভাদ্ৰা আহি উপস্থিত হ’ব যোৰহাট বিমান বন্দৰত ৷ কাইলৈ পুৱা যোৰহাট বিমান বন্দৰত পুৱা প্ৰায় ১০ বাজি ৪৫ মিনিটত উপস্থিত হৈয়ে বাহিৰে বাহিৰে তিতাবৰলৈ ৰোড শ্ব’ত অংশগ্ৰহণৰ বাবে যাত্ৰা কৰিব প্ৰিয়ংকা গান্ধী ভাদ্ৰাই ।

তাৰ পিছত তিতাবৰৰ পৰা যোৰহাটলৈ ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব প্ৰিয়ংকাই । দুপৰীয়া ১১.৩০ মিনিটত তিতাবৰৰ পৰা যোৰহাটলৈ ৰোড শ্ব’ কৰিব তেওঁ । কাৰ্যসূচী অনুসৰি দুপৰীয়া ১২.৩০ বজাত যোৰহাটত সামৰণি পৰিব এই যাত্ৰাৰ ৷ গৌৰৱ গগৈৰ হৈ কাইলৈ প্ৰচাৰত নামিব সৰ্বভাৰতীয় কংগ্ৰেছ কমিটি সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাই ।

উল্লেখ্য যে,বিজেপিয়ে যোৰহাটত গৌৰৱ গগৈক পৰাভূত কৰিবৰ বাবে সৰ্বশক্তি প্ৰয়োগ কৰিছে। গৌৰৱ গগৈৰ ওপৰত দৃষ্টিনিবদ্ধ আছে সমগ্ৰ দেশৰ ৷ যোৰহাটত লোকসভাৰ বিৰোধীৰ উপ দলপতি কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ বিৰুদ্ধে বিজেপিৰ প্ৰাৰ্থী হ’ল সমষ্টিটোৰ বৰ্তমানৰ সাংসদ তপন গগৈ ৷

গৌৰৱ গগৈৰ যোৰহাট লোকসভা সমষ্টিৰ ঘনিষ্ঠ জ্যেষ্ঠ আৰু কনিষ্ঠ বহু সংখ্যক কংগ্ৰেছ নেতাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপত বিজেপিত ইতিমধ্যে যোগদান কৰোৱা হৈছে(Priyanka Gandhi Vadra To Campaign For Gaurav Gogoi In Assam On April 16) ৷

লগতে পঢ়ক : Prime Minister Modi to pay two-day visit to Assam : মিত্ৰজোটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ নলবাৰীত প্ৰচাৰ চলাব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে