Local, Vocal, Global

Eid-Ul-Fitr To Be Celebrated In India On Thursday : কাইলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিব পবিত্ৰ ঈদ উল ফিটৰ

নিউজ ডেস্ক,১০ এপ্ৰিল : কাইলৈ পবিত্ৰ ঈদ উল ফিটৰ। দেশৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিব পৱিত্ৰ ঈদ। ঈদ উল ফিটৰ ইছলাম ধৰ্মাৱলম্বীলোকসকলৰ ডাঙৰ ধৰ্মীয় উসৱ । ৰমৰজান মাহৰ এমাহ ব্যাপী কঠোৰ উপবাসৰ অন্তত বৃহস্পতিবাৰে ইছলাম ধৰ্মাৱলম্বীলোকসকলে পালন কৰিব ঈদ উল ফিটৰ ।

সমগ্ৰ বিশ্বতে ঈদৰ প্ৰস্তুতি অব্যাহত আছে। সকলোৱে আগ্ৰহেৰে অপেক্ষা কৰি আছে ঈদৰ জোন চাবলৈ। ইছলামিক কেলেণ্ডাৰত বছৰৰ নৱম মাহ ৰমজান আৰু দশম মাহ শওৱাল আৰু এই মাহৰ প্ৰথম দিনটোতে ঈদ পালন কৰা হয়। ৰমজানৰ ৰোজাৰ অন্ত পৰে ঈদৰ উৎসৱৰ সৈতে(Eid-Ul-Fitr To Be Celebrated In India On Thursday) ।

ঈদৰ বাবে বজাৰত খাদ্যসামগ্ৰী ক্ৰয় কৰিবলৈ ভিৰ বাঢ়িছে গ্ৰাহকৰ। ইছলাম ধৰ্মী লোকৰ ঘৰে ঘৰে চলিছে ঈদৰ প্ৰস্তুতি। সাজু কৰা হৈছে ঈদগাহসমূহ।

সমগ্ৰ দেশৰ লগত অসমতো অহা ১১ এপ্ৰিলত পালন কৰিব পবিত্ৰ উৎসৱ ঈদল-ফিতৰ।

মঙ্গলবাৰে এক বিবৃতিত এই কথা সদৰি কৰিছে কেন্দ্ৰীয় হিলাল কমিটী অসমৰ সভাপতি মৌলানা শ্বেখ ফখৰুদ্দিন আহমেদ কাছিমী আৰু সম্পাদক প্ৰধান আলহাজ ইমদাদ হুছেইনে।

বিবৃতিত তেওঁলোকে জনোৱা মতে অসম আৰু ভাৰতত জোন দেখাৰ খবৰ পোৱা নগ’ল। সেয়েহে অহা ১১ এপ্ৰিল, বৃহস্পতিবাৰে ভাৰতৰ লগতে অসমতো ঈদ পালন কৰা হ’ব। বিবৃতিত কেন্দ্ৰীয় হিলালল কমিটীয়ে সমূহ অসমবাসী ৰাইজক ঈদৰ শুভেচ্ছাও জ্ঞাপন কৰিছে।

লগতে পঢ়ক : 19 Indian fishermen repatriated from Sri Lanka : শ্ৰীলংকাত আবদ্ধ ১৯জন ভাৰতীয় মাছমৰীয়াক মুকলি