CM is campaigning for Jorhat Lok Sabha constituency candidate MP Tapan Kumar Gogoi in Titabor : গৌৰৱ গগৈক পৰাস্ত কৰিবলৈ তৎপৰ অসম বিজেপিৰ শীৰ্ষ নেতৃত্ব
নিউজ ডেস্ক, ৬এপ্ৰিল : এইবাৰৰ নিৰ্বাচনত ৰাজ্যবাসীৰ দৃষ্টি নিবদ্ধ ১৪ নং যোৰহাট লোকসভা সমষ্টিত। এখন হাইভল্টেজ যুঁজৰ বাবে সাজু যোৰহাটবাসী।এইবাৰ যোৰহাটত হ’ব বৰ্তমানৰ দুই সাংসদৰ যুঁজ । দুই হাই প্ৰফাইল নেতা যোৰহাট লোকসভা সমষ্টিত। এফালে যদি শক্তিশালী ৰূপত তপন গগৈ আনফালে সংসদত নিজৰ উদাত্ত ভাষণৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰা গৌৰৱ গগৈ । বিগত ১০ বছৰ ধৰি বিজেপিৰ দখলত আছে যোৰহাট লোকসভা সমষ্টি ।
এইবাৰো গৌৰৱক পৰাস্ত কৰিবলৈ তৎপৰ অসম বিজেপিৰ শীৰ্ষ নেতৃত্ব । তিতাবৰত যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী সাংসদ তপন কুমাৰ গগৈৰ হৈ প্ৰচাৰ মুখ্যমন্ত্ৰীৰ ।
শনিবাৰে যোৰহাট লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী সাংসদ তপন কুমাৰ গগৈ হৈ তিতাবৰ বোকাহোলা চাহ বাগিচা খেল পথাৰত সহস্ৰাধিক জনতাৰ মাজত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলাই(CM is campaigning for Jorhat Lok Sabha constituency candidate MP Tapan Kumar Gogoi)।
ইফালে মুখ্যমন্ত্ৰী গৰাকীৰ নির্বাচনী প্ৰচাৰৰ সময়ত সংগ দিয়ে বিত্তমন্ত্ৰী অজন্ত নেওগ,সাংসদ পল্লব লোচন দাস,ৰাণা গোস্বামী প্ৰমুখ্যে কৰি বিজেপি দলৰ বহু সংখ্যক দলীয় কৰ্মীয়ে।যোৰহাট লোক সভা সমষ্টিৰ পৰা ৩লাখ ভোটৰ ব্যৱধানত তপন কুমাৰ গগৈ জিকাটো নিশ্চিত বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে।
উল্লেখ্য যে, গৌৰৱ গগৈক প্ৰতিহত কৰিবলৈ যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছ দলৰ নেতা-কৰ্মীক বিজেপিত যোগদান কৰাৰ প্ৰক্ৰিয়া তীব্ৰতৰ কৰিছে বিজেপিয়ে ৷ আনহাতে বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে দিনে-নিশাই সমষ্টিটোৰ বিভিন্ন প্ৰান্তত ব্যাপক প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে ৷ যোৰহাটত কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈক পৰাভূত কৰিবলৈ বিজেপি আগবাঢ়িছে সুপৰিকল্পিত ৰণকৌশলেৰে(CM is campaigning for Jorhat Lok Sabha constituency candidate MP Tapan Kumar Gogoi in Titabor)।
লগতে পঢ়ক :STF conducts operation in Amingaon amid suspected ISIS links : আমিনগাঁৱৰ মৰিয়াপট্টি জামে মছজিদত STFৰ অভিযান