Local, Vocal, Global

Former PM Manmohan Singh To Retire From Rajya Sabha After 33 Years : ৩৩ বছৰীয়া এক ৰাজনৈতিক পৰিক্ৰমাৰ অৱসান

নিউজ ডেস্ক,৩মাৰ্চ : সংসদত এটা যুগৰ অৱসান ! ৰাজ্যসভাৰ পৰা অৱসৰ ল’লে প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙে। ২০০৪ ৰ পৰা ২০১৪ লৈ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙে মঙলবাৰে অৱসৰ গ্ৰহণ কৰাৰ পাছতেই কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে এক দীঘলীয়া আৱেগিক পত্ৰ লিখে। পত্ৰখনত মল্লিকাৰ্জুন খাৰ্গেয়ে ড০ সিঙক সদায়েই নায়ক হৈ থাকিব বুলিও উল্লেখ কৰে।

মল্লিকাৰ্জুন খাৰ্গেয়ে কয়, প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ সিং উদ্যোগপতি আৰু উদ্যোগীসকলৰ বাবে নেতা আৰু পথ প্ৰদৰ্শক। তেওঁৰ অৰ্থনৈতিক নীতিৰ বাবে দৰিদ্ৰতাৰ পৰা ওলাই আহিবলৈ সক্ষম হোৱা দৰিদ্ৰ লোকসকলৰ বাবে তেওঁ হিতকাৰী(Former PM Manmohan Singh To Retire From Rajya Sabha After 33 Years)।

উল্লেখযোগ্য যে, ৯১ বৰ্ষীয় মনমোহন সিং ইন্দিৰা গান্ধী (প্ৰথম কাৰ্যকালত) আৰু ইন্দ্ৰ কুমাৰ গুজৰালৰ পিছত ৰাজ্যসভাৰ পৰা তৃতীয় প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ভাৰতৰ একমাত্ৰ শিখ প্ৰধানমন্ত্ৰীগৰাকী কৃপা আৰু ভদ্ৰতাৰ প্ৰতিমূৰ্তি হিচাপে বহুজনৰ বাবে পৰিচিত আছিল(Fmr PM Dr. Manmohan Singh to retire today after 33 years in Rajya Sabha)।

লগতে পঢ়ক : Assam Youth Goes Missing : পুনৰ বহি:ৰাজ্যত নিৰুদ্দেশ অসমৰ যুৱক।