I don’t have money to contest Lok Sabha elections : অৰ্থৰ অভাৱৰ বাবে নিৰ্বাচন নেখেলাৰ সিদ্ধান্ত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ
নিউজ ডেস্ক,২৮মাৰ্চ : এইবাৰ লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ অস্বীকাৰ কৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। অৰ্থৰ অভাৱৰ বাবে নিৰ্বাচন নেখেলাৰ সিদ্ধান্তৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীৰ(I don’t have money to contest Lok Sabha elections)।
এটা অনুষ্ঠানত ভাষণ প্ৰসংগত নিৰ্মলা সীতাৰমণে কয় যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডুত নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ প্ৰস্তাৱ দিছিল যদিও তেওঁ বিনয়েৰে নাকচ কৰে।১০ দিন চিন্তা কৰি ক’লে, তেওঁ নিৰ্বাচন নেখেলে। নিৰ্মলা সীতাৰমণে কয় যে নিৰ্বাচনত জয়ী হ’বলৈ যিমান ধনৰ প্ৰয়োজন সিমান ধন তেওঁৰ হাতত নাই বাবেই এই প্ৰস্তাৱ তেওঁ নাকচ কৰিছে(Nirmala Sitharaman says she doesn’t have money to contest Lok Sabha election, declines BJP ticket)।
উল্লেখ্য যে, ভাৰতীয় জনতা পাৰ্টিয়ে লোকসভা নিৰ্বাচনত ৰাজ্যসভাত দলৰ বহু জ্যেষ্ঠ নেতাক প্ৰক্ষেপ কৰিছে। তাৰ ভিতৰত বিশিষ্ট হৈছে পীয়ুষ গোয়েল, ভূপেন্দ্ৰ যাদৱ, ৰাজীৱ চন্দ্ৰশেখৰ, মনসুখ মাণ্ডবিয়া আৰু জ্যোতিৰাদিত্য সিন্ধিয়া। যদিও নিৰ্মলা সীতাৰমণ এই তালিকাত অন্তৰ্ভুক্ত নহয়। বিজেপিয়ে এই পৰ্যন্ত প্ৰায় ৪০৪ জন প্ৰাৰ্থী ঘোষণা কৰিছে। পশ্চিম বংগৰ বাছিৰহাট লোকসভা আসনৰ পৰা সন্দেশখালি কাণ্ডৰ ভুক্তভোগী ৰেখা পাত্ৰ আৰু কংগনা ৰানাৱটৰ নাম বিজেপিৰ তালিকাত অন্তৰ্ভুক্ত হৈছে(Finance Minister Nirmala Sitharaman)।
লগতে পঢ়ক : Four youths die after falling into the river : বনভোজ খাবলৈ গৈ নদীত পৰি মৃত্যু চাৰিজন যুৱক-যুৱতীৰ