Local, Vocal, Global

Former Telangana governor Tamilisai Soundararajan joins BJP : সদ্যপদত্যাগী ৰাজ্যপাল তামিলিছাই সৌন্দৰৰাজনৰ বিজেপিত যোগদান

নিউজ ডেস্ক, ২০ মাৰ্চ : সদ্যপদত্যাগী ৰাজ্যপাল তামিলিছাই সৌন্দৰৰাজনৰ বিজেপিত যোগদান । বুধবাৰে আনুষ্ঠানিকভাৱে যোগদান কৰে বিজেপিত(Former Telangana governor Tamilisai Soundararajan joins BJP) ।

বিজেপিত যোগদান কৰাৰ পিছত তামিলিছাই সৌন্দৰৰাজন কয় যে, মই জনসাধাৰণৰ সেৱা কৰিব বিচাৰো আৰু নৰেন্দ্ৰ মোডীক পুনৰ প্ৰধানমন্ত্ৰী হোৱাত সহায় কৰিব বিচাৰো। মই ৰাজনীতিলৈ উভতি অহাৰ অৰ্থ এইটো নহয় যে তামিলনাডু বিজেপিত প্ৰাৰ্থীৰ অভাৱ আছে।

তেওঁ লগতে কয় যে, মই তামিলনাডুৰ পৰা লোকসভা আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াম।মই তেলেংগানা চৰকাৰক দুৰ্বল কৰা নাই। কিন্তু তেলেংগানা চৰকাৰে মোক দুৰ্বল কৰি পেলাইছিল। কিয়নো মোৰ বাবে একো প্ৰটোকল অনুসৰণ কৰা নাছিল। মই ৰাজনৈতিক ৰাজ্যপাল নাছিলো, ব্যৱহাৰিক ৰাজ্যপাল আছিলো(Tamilisai Soundararajan rejoins BJP in Tamil Nadu after resigning as Telangana Governor)।

উল্লেখ্য যে,সোমবাৰে তেলেংগানাৰ ৰাজ্যপাল তামিলিসাই সুন্দৰৰাজনৰ পদত্যাগ গ্ৰহণ কৰিছিল ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । সোমবাৰে পুৱা তেলেংগানা আৰু পুডুচেৰীৰ ৰাজ্যপাল পদৰ পৰা পদত্যাগ কৰাৰ পাছতেই আজি বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে।

লগতে পঢ়ক : Two Children were Murdered by slitting their Throats : দুটাকৈ শিশুক ডিঙি কাটি হত্যা নাপিতৰ