Local, Vocal, Global

Rahul Gandhi Ordered To Appear In 6 Year Old Defamation Case : ৬ বছৰ পুৰণি গোচৰত ৰাহুল গান্ধীক আদালতৰ তলব

নেশ্যনেল ডেস্ক,১৮ মাৰ্চ : কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীক আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ । ৬ বছৰীয়া মানহানিৰ গোচৰৰ বাবে আদালত হাজিৰ হ’বলৈ নিৰ্দেশ ৰাহুল গান্ধীক ।

ঝাৰখণ্ডৰ চাইবাছাৰ এমপি-এমএলএ আদালতে প্ৰদান কৰিছে এই নিৰ্দেশনা(Rahul Gandhi Ordered To Appear In 6 Year Old Defamation Case) ।

আদালতৰ নিৰ্দেশ অনুসৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ২৭ মাৰ্চত আদালতত হাজিৰ হ’ব লাগিব ।

উল্লেখ্য যে, ২০১৮ চনত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ভাৰতীয় জনতা পাৰ্টীৰ ওপৰত আপত্তিজনক মন্তব্য কৰিছিল । যাৰ পিচত বিজেপি নেতা প্ৰতাপ কাটিয়াৰে ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল । এই গোচৰৰ ভিত্তিতে ২৭ মাৰ্চত আদালত হাজিৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে কংগ্ৰেছ নেতা গৰাকীক(Rahul Gandhi Ordered To Appear In 6 Year Old Defamation Case)।

লগতে পঢ়ক : 16 Year Old Girl Goes Missing From Beltola : পুনৰ মহানগৰীত নিৰুদ্দেশ কিশোৰী